NDA:✒️অসমৰ ৰাজনীতিত পুনৰ এক নতুন অধ্যায়ৰ সূচনা। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।
ADVERTISEMENT
শাসক NDA মিত্ৰজোঁটৰ বিধায়িনী দলৰ বৈঠকত সর্বসম্মতিক্রমে নিৰ্বাচিত হয় ড০ শৰ্মা।
বৈঠকৰ অন্তত জে পি নড্ডাই আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।
NDA বিধায়িনী দলৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক উচ্ছ্বাস। দলীয় কৰ্মী-সমৰ্থকৰ মাজত উৎসৱৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে ড০ শৰ্মাৰ নেতৃত্বত অসম পুনৰ উন্নয়ন আৰু স্থিতিশীলতাৰ নতুন অধ্যায়ত প্ৰৱেশ কৰিব বুলি আশা প্ৰকাশ কৰিছে শাসক শিবিৰে।






























