আফ্ৰিকাত ভয়ংকৰ পথ দুৰ্ঘটনা

১৯ ছাত্ৰ-ছাত্ৰীসহ ২১জনৰ মৃত্যু

WhatsApp Image 2022 09 18 at 13.38.05

দক্ষিণ আফ্ৰিকাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ২১জনকৈ শিক্ষাৰ্থী ৷ আফ্ৰিকান দেশখনৰ উত্তৰ কোৱাজুলু-নাটালত সংঘটিত এই শোকাৱহ পথ দুৰ্ঘটনাটি ৷

উত্তৰ-নাটালুৰ ৰাজপথেদি গৈ থকা এখন ট্ৰাকে একে দিশৰে অহা আন এখন ট্ৰাকে অভাৰটেক কৰিবলৈ গৈ বিপৰীত দিশে আহি থকা স্কুলীয়া শিক্ষাৰ্থী ভৰ্তি বাছ এখনক সন্মুখৰ পৰা খুন্দা মাৰে৷ফলত বাছ খনৰ পথৰ ওপৰত বাগৰি পৰে৷থিতাতে নিহত হয় বাৰবছৰ তলৰ উনৈছটিকৈ শিক্ষাৰ্থী৷ লগতে নিহত দয় আন দুজন লোক ৷

ঘটনাস্থলীত আৰক্ষী আৰু স্বাস্থ্যকৰ্মী উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দক্ষিণ আফ্ৰিকাৰ প্ৰাদেশিক চৰকাৰে এই শোকাৱহ পথ দুৰ্ঘটনাত নিহত হোৱা শিক্ষাৰ্থীৰ প্ৰতি গভীৰ শোকপ্ৰকাশ কৰাৰ লগতে আহত সকলৰ আশু আৰোগ্য কামনা কৰে ৷

আনহাতে, দ: আফ্ৰিকা চৰকাৰে পথ দুৰ্ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে ৷

Exit mobile version