দিল্লী এইমছৰ নাম সলনিৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

তীব্ৰ বিৰোধিতা এইমছৰ শিক্ষকৰ

AIIMS 5 1

উত্তৰ প্ৰদেশ চৰকাৰে ৰাজ্যখনৰ বহুবোৰ পুৰণি স্থানৰ নাম সলনি কৰাৰ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ মাজতে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে বহু কেইটা কেন্দ্ৰীয় প্ৰতিষ্ঠানৰ নাম সলনি কৰাৰ যো-যা চলাইছে৷ নতুন দিল্লীস্থিত অল ইণ্ডিয়া ইন্সটিটিউট অৱ মেডিকেল চাইন্স চমুকৈ এইমছৰ নাম সলনি কৰাৰ পদক্ষেপ হিচাপে এইমছ কৰ্তৃপক্ষলৈ ইতিমধ্যে প্ৰাৰম্ভিক খচৰা প্ৰেৰণ কৰিছে ৷ আনহাতে এই পত্ৰ লাভ কৰাৰ পিছতে এইমছ কতৃৰ্পক্ষই শিক্ষকৰ পৰা বিচাৰে মতামত ৷কিন্ত গৰিষ্ঠসংখ্যক শিক্ষকে এইমছৰ নাম সলনিৰ তীব্ৰ বিৰো কৰে৷

তেওঁলোকে কয়,নাম সলনি কৰিলে ভাৰতৰ পুৰণি প্ৰতিষ্ঠান খনে হেৰুৱাব পাৰে স্বীকৃতি ৷ এইমছ কতৃৰ্পক্ষই শিক্ষকৰ মতামত সহ শিক্ষানুৰাগীৰ প্ৰতিক্ৰিয়াৰ এক বিস্তৃত প্ৰতিবেদন কেন্দ্ৰীয় স্বাসমন্ত্ৰী মনসুখ মাণ্ডব্যলৈ প্ৰেৰণ কৰে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়লৈ প্ৰেৰণ কৰা এই পত্ৰত এইমছ কতৃৰ্পক্ষই উল্লেখ কৰে যে দেশে স্বাধীনতা লাভ কৰাৰ ছয়টা বছৰৰ পিছত ১৯৫৬ বৰ্ষত চিকিৎসা শিক্ষা, গৱেষণা আৰু সেৱাৰ তিনিটা উদ্দেশ্য সন্মুখত ৰাখি দিল্লী এইমছ গঠন কৰা হয় ৷ এই নামৰ সৈ বহু ঐতিহাসিক সমল জড়িত হৈ আছে ৷

আনহাতে চৰকাৰৰ হঠকাৰি সিদ্ধান্তৰ বাবেই হয়তো এইমছে হেৰুৱাব পাৰে স্বীকৃতি ৷ আনকি এইমছ কতৃৰ্পক্ষই অক্সফৰ্ড, কেম্ব্ৰিজ, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ দৰে শতিকা পুৰণি প্ৰতিষ্ঠানসমূহৰ উদাহৰণ দাঙি কয় যে আজিও এই সমুহ প্ৰতিষ্ঠান পূৰ্বৰ নামৰে উজ্জ্বলি আছে বিশ্বত ৷ সংশ্লিষ্ট দেশৰ চৰকাৰে নাম সলনি কথা কোনোদিনেই অনুভৱ কৰা নাই ৷

উল্লেখ্য, দেশৰ সকলো এইমছৰ নাম সলনি কৰি সংশ্লিষ্ট অঞ্চলৰ প্ৰখ্যাত স্বাধীনতা সংগ্ৰামী বা বিশিষ্ট ব্যক্তিৰ নামৰে নামাকৰণ কৰাৰ প্ৰস্তাৱ দিছে কেন্দ্ৰীয় চৰকাৰে ৷ চৰকাৰৰ এই পদক্ষেপে উল্লিখিত অঞ্চলৰ স্বাধীনতা সংগ্ৰামী সকলৰ বিষয়ে সকলোৱে পৰিচিত হ’ব পাৰিব বুলি বিশ্বাস কৰে মোডী চৰকাৰে ৷

Exit mobile version