স্থানীয় ভাষা জনা লোককহে বেংকৰ চাকৰিত নিযুক্তি দিয়ক:নিৰ্মলা সীতাৰমণৰ

WhatsApp Image 2022 09 18 at 14.45.49

আঞ্চলিক ভাষা ক’বলৈ জনা কৰ্মচাৰীকহে বেংকৰ চাকৰিত নিযুক্তি দিয়া হওক ৷ এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ। দেশৰ বেংক সমূহৰো যৌথ সাধাৰণ সভাত এই নিৰ্দেশনা প্ৰদান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় কিছুদিনৰ পৰা দেশৰ সৰ্বত্ৰে হিন্দী বনাম আঞ্চলিক ভাষাৰ ব্যৱহাৰক লৈ অব্যাহত আছে এক বিতৰ্ক।

দেশত হিন্দী ভাষাক ৰাষ্ট্ৰীয় ভাষা ৰূপে বাধ্যতামূলক কৰাক লৈ দক্ষিণ ভাৰতৰ কেইবাখনো ৰাজ্যই তীব্ৰ প্ৰতিবাদ জনাইছে ৷ হিন্দী ভাষা কেন্দ্ৰীয় চৰকাৰে বাধ্যতামূলক কৰাক লৈ আপত্তি দৰ্শাইছে কেইবাখনো ৰাজ্যই। এনে সময়তে দেশৰ বিত্ত মন্ত্ৰী গৰাকীয়ে আঞ্চলিক ভাষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি যি মন্তব্য আগবঢ়াইছে সেইয়া অতি লক্ষণীয় বুলি প্ৰকাশ কৰিছে সচেতনমহলে ৷

দেশৰ বাণিজ্যিক চহৰ ৰূপে খ্যাত মুম্বাইত অনুষ্ঠিত ইণ্ডিয়ান বেংক সন্থাৰ ৭৫ সংখ্যক সাধাৰণ সভাত মুখ্য অতিথি ৰূপে অংশ লোৱা বিত্তমন্ত্ৰী সীতাৰমণে আৰু কয় যে বেংকে স্থানীয় ভাষা ক’ব পৰা লোকক অগ্ৰাধিকাৰ দিয়ক ৷ কিয়নো স্থানীয় ভাষা কব পৰা সকলে গ্ৰাহকৰ সৈতে মতবিনিময় কৰোতে বহু সুবিধা হ’ব ৷

সেয়েহে এই বিষয়টোত বেংকে গুৰুত্বসহকাৰে লোৱাৰ সময় আহি পৰিছে ৷ আনহাতে বিত্তমন্ত্ৰীৰ এই পদক্ষেপক আদৰণি জনাইছে প্ৰাক্তন বিত্তমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা পি চিদাম্বৰমে ৷

Exit mobile version