ASSAM GOVT:সামাজিক মাধ্যমত উপলব্ধ তথ্যৰ সত্যাসত্য নিৰূপণ কৰিহে মূলঁসুতিৰ সংবাদ মাধ্যমত স্থান দিবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটীৰ Turning Point Institute of Media & Creative Skills শৈক্ষিক প্ৰতিষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহ

WhatsApp Image 2022 09 18 at 18.50.52

ASSAM GOVT: অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ Turning Point Institute of Media & Creative Skills নামৰ ব্যৱহাৰিক টেলিভিচ্যন সাংবাদিকতাৰ শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে | সমাৰোহত বক্তব্য প্ৰদান কৰি মন্ত্ৰী হাজৰীকাই শিক্ষানুষ্ঠানখনৰ সকলো ন-পূৰণি ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জনোৱাৰ লগতে ভাৰতৰ দৰে গণতান্ত্ৰিক দেশ এখনত গুণগত শিক্ষাৰে শিক্ষিত সাংবাদিকৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে |

মন্ত্ৰী গৰাকীয়ে কয় যে ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত সংবাদ মাধ্যম হৈছে চতুৰ্থ স্তম্ভ আৰু এই চতুৰ্থ স্তম্ভই প্ৰতি মূহুৰ্ততে সষ্টম হৈ থাকি গণতান্ত্ৰিক ব্যৱস্থাটোক শক্তিশালী কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে | ভাৰতীয় গণতন্ত্ৰত কাৰ্যপালিকা আৰু ন্যায়পালিকাসকল সদায়ে গুণগত শিক্ষাৰে শিক্ষিত হোৱাৰ লগতে তেঁওলোকৰ নিযুক্তিৰ ক্ষেত্ৰত একোটা বিশেষ মাপকাঠিৰ প্ৰয়োজন থাকে | কিন্তু গণতান্ত্ৰিক ব্যৱস্থাৰ আন দুটা বিশেষ স্তম্ভৰ সদস্য, ৰাজনৈতিক নেতা আৰু সাংবাদিকসকলৰ নিযুক্তিৰ ক্ষেত্ৰত গুণগত শৈক্ষিক মান নিৰ্দ্ধাৰণ কৰি থোৱা নাথাকে যাৰ ফলত দুয়ো ক্ষেত্ৰতে গুণগত শিক্ষা নথকা ব্যক্তি থাকিলে দেশ এখন চলোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ উদ্ভৱ হ’ব পাৰে, মন্ত্ৰী গৰাকীয়ে কয় | তেনে অৱস্থাত ৰাজনীতি আৰু সংবাদ জগত উভয়তে গুণগত শিক্ষাৰে শিক্ষিত ব্যক্তিসকল থকাটো অত্যন্ত জৰুৰী বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে | ৰাজনীতি অথবা সংবাদ জগত আন সকলো ক্ষেত্ৰতে সফল হ’ব নোৱাৰা ব্যক্তিসকলৰ অন্তিম স্থান হ’ব নালাগে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | আনহাতে সংবাদজগতৰ ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা থকাটো খুবেই প্ৰয়োজনীয় বুলিও মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই |

মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে একাংশ সাংবাদিকে মূল উৎসৰ মূল কথাখিনিও বহু পৰিমাণে বেলেগ অৰ্থ অথবা আধা অৰ্থ উলিয়াব পৰাকৈ সলনি কৰি দিয়ে | মন্ত্ৰী হাজৰীকাই নিজৰে এটা উদাহৰণ দি কয় যে দুদিন আগতে তেখেতে বিদ্যুতৰ বিল বৃদ্ধি হোৱা বিষয়ত একাংশ সাংবাদিকে প্ৰশ্ন কৰাত উত্তৰ প্ৰদান কৰে | কিন্তু সেই উত্তৰৰ সম্পাদনা কৰা তথ্য এটা সংবাদ মাধ্যমত গ্ৰাফিক্স আকাৰে প্ৰচাৰ চলাবলৈ আৰম্ভ কৰে যাৰ ফলত মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ বহুখিনি ট্ৰ’লিঙৰ সন্মুখীন হ’বলগাত পৰে | মন্ত্ৰীগৰাকীয়ে কয় যে তেঁও যিহেতু প্ৰকৃত কথাবোৰ ক’ব পৰাকৈ একোটা মাধ্যম আছে, গতিকে মন্ত্ৰীগৰাকীৰ ক্ষেত্ৰত সম্পূৰ্ণ কথাটো পুনৰ ক’বলৈ সুবিধা পাব, কিন্তু যিসমূহ ব্যক্তিৰ ওচৰত কোনো মাধ্যম নাথাকে, বা কোনো সুবিধা নাপায় তেঁওলোকে নিজৰ ক’ব লগা খিনি প্ৰকাশ কৰিব নোৱাৰাকৈয়ে এটা মিছা অথবা অৰ্ধ সত্যত থাকি যাব লগাত পৰে, যি ব্যক্তিজনৰ বাবে অত্যন্ত কষ্টদায়ক | এনে অৱস্থাত সংবাদকৰ্মীসকল সচেতন হোৱাটো খুবেই জৰুৰী বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে |

আনহাতে আজি ফলাফল ঘোষণা কৰা অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰাৰ্থীসকল নিৰ্বাচিত হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে শেহতীয়াকৈ সামাজিক মাধ্যমত দাস উপাধিৰ এজন ব্যক্তিয়ে চাকৰিৰ নামত দুৰ্নীতি হোৱা বুলি ভিত্তিহীন অভিযোগ আনি ৰাজ্যখন উত্তাল কৰি ৰাখিছিল | কোনোবাই সামাজিক মাধ্যমত একোটা মন্তব্য কৰিলেই তাক সত্যাসত্য নিৰূপণ নকৰাকৈ সংবাদ মাধ্যমে গুৰুত্ব দিয়া অনুচিত বুলি মন্ত্ৰী হাজৰীকাই মন্তব্য কৰে | অসমৰ কেইবাটাও সংবাদ প্ৰতিস্থানৰ মুখ্য সম্পাদক উপস্থিত থকা আজিৰ অনুষ্ঠানটোতে মন্ত্ৰী গৰাকীয়ে সকলোকে বিনম্ৰতাৰে অনুৰোধ জনাই কয় যে সত্যাসত্য নিৰূপণ নকৰাকৈ সামাজিক মাধ্যমৰ মন্তব্য এটাক খৰধৰকৈ মূলসুঁতিৰ সংবাদ মাধ্যমত স্থান দিব নালাগে | অৱশ্যে যি তথ্য সত্যৰ ওপৰত প্ৰতিস্থিত তেনে তথ্যক লৈ বেয়া কাম কৰা ৰাজনৈতিক নেতা অথবা চৰকাৰক সংবাদ মাধ্যমে সমালোচনা কৰাত কোনো ধৰণৰ আপত্তি নাই বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে | মন্ত্ৰী গৰাকীয়ে কয়, “ৰাজনৈতিক নেতাই যাতে বেয়া কাম কৰিব নোৱাৰে তাৰ বাবে সংবাদ মাধ্যম সষ্টম হৈ থকাটো এখন গণতান্ত্ৰিক দেশৰ প্ৰগতিৰ বাবে খুবেই প্ৰয়োজন”| আনহাতে Turning Point Institute of Media & Creative Skills ৰ ন-পূৰণি ছাত্ৰ ছাত্ৰীসকলক শুভকামনা জনাই মন্ত্ৰী গৰাকীয়ে তেঁওলোকক দেশ আৰু জাতিৰ প্ৰতি ভালপোৱা ৰাখি, দায়বদ্ধ হৈ কাম কৰি যাবলৈ আহ্বান জনায় |

আজিৰ অনুষ্ঠানটোত মন্ত্ৰীগৰাকীৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত, নৰ্থ ইষ্ট লাইভৰ মুখ্য সম্পাদক ৱাছবিৰ হুছেইন, নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইন, দৈনিক জনমভূমিৰ সম্পাদক উৎপল বৰুৱা, এন কে টি ভি ৰ পৰিচালন সম্পাদক পৰাগমণি আদিত্য, এন ডি ২৪ ৰ পৰিচালন সম্পাদক ৰাজদীপ বাইলুং বৰুৱা তথা ৰাজ্যখনৰ কেইবাজনো জ্যেষ্ঠ সাংবাদিক উপস্থিত আছিল |

Exit mobile version