Astrological: বিশ্বকৰ্মা পূজাৰ পৰা এমাহলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ আৰ্থিক লাভ হ’ব ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 18 at 16.02.43

Astrological : আৰু কিছু ঘন্টাৰ পিছতে ৰাশি পৰিবৰ্তন কৰিব সূৰ্যদেৱে । অৰ্থাৎ আগন্তুক ১৭ ছেপ্টেম্বৰৰ পৰা সিংহ ৰাশিৰ লগত কন্যা ৰাশিয়ে প্ৰৱেশ কৰিব । জ্যোতিশাস্ত্ৰত সূৰ্য্যক গ্ৰহৰ ৰজা হিচাপে বিবেচনা কৰা হয় । এই গ্ৰহৰ ৰাশিৰ পৰিবৰ্তনৰ ফলত ১২ টা ৰাশিৰ জাতকৰ ওপৰত প্ৰভাৱ পৰিব। অৰ্থাৎ সূৰ্য্যৰ কৃপাত কেইবাটাও ৰাশিৰ জাতকৰ লাভৱান হ’ব । বিশ্বকৰ্মা পূজাৰ পিছৰে পৰা কোন কেইটা ৰাশি লাভৱান হ’ব ।

১/ মিথুন ৰাশি :– দুশ্চিন্তা হ্ৰাস পোৱাৰ লগতে আৰ্থিক অৱস্থা ভাল হ’ব । কৰ্মজীৱনত উচ্চপদস্থ অধিকাৰীৰ সৈতে ভাল সম্পৰ্ক গঢ় ল’ব । অৱশ্যে অধিক আত্মবিশ্বাসী হ’লে হিতে বিপৰীত হোৱাৰ ভয় আছে । সম্পত্তি সম্পৰ্ক লেন-দেন নিষ্পত্তি হোৱাৰ লগতে কিনা-বেচা ক্ষেত্ৰতো লাভৱান হ’ব পাৰিব ।

২/ কন্যা ৰাশি :– সম্পত্তি সংক্ৰান্তীয় বিষয়ত লাভৱান হ’ব পাৰিব । এই ৰাশিৰ জাতক-জাতিকাই যি কামেই হাতত ল’ব ,সাফল্য লাভ কৰিব । অংশীদাৰীত্ব ব্যৱসায়ত লাভৱান হোৱাৰ লগতে দৈনন্দিন কামত ব্যাপক সাফল্য লাভ কৰিব লগতে পাৰিবাৰিক সমস্যা দূৰ হ’ব । মান-সন্মান বাঢ়িব । চাকৰিত উচ্চপদস্থ বিষয়া প্ৰসন্ন হ’ব । আৰ্থিক লাভৰ প্ৰৱল সম্ভাৱনা আছে । এই মাহত একাধিক শুভ সংবাদ আহিব ।

৩/ বৃশ্চিক ৰাশি :— এই ৰাশিৰ জাতক-জাতিকাই যি সিদ্ধান্ত ল’ব ,সকলোতে সাফল্য লাভ কৰিব । দীৰ্ঘদিনৰে পৰা পাব লগীয়া ধন হাতলৈ আহিব । একেদৰে দীৰ্ঘদিন ধৰি পৰি থকা কামতো সফলতা লাভ কৰিব পাৰিব । এই ৰাশিৰ জাতক-জাতিকাই এই মাহত প্ৰচুৰ আৰ্থিক লাভালাভৰ সন্মুখীন হ’ব ।দাম্পত্য জীৱন সুখৰ হ’ব । চাকৰিত উচ্চপদস্থ বিষয়াৰ সৈতে সু-সম্পৰ্ক বৃদ্ধি হ’ব ।

Exit mobile version