Bhopal : ডেৰ কোটি টকাৰ বিয়াৰ নষ্ট কৰা হ’ল বুলড’জাৰ চলায় !

WhatsApp Image 2022 09 18 at 16.42.43

গুদামৰ কাষত পথত পৰি আছে অজস্র বিয়াৰৰ বতল । তাৰ ওপৰেৰে চলালে বুলড’জাৰৰ চকা । নিমিষতে গুৰি কৰি পেলোৱা হ’ল লক্ষাধিক বিয়াৰৰ বতল । এই পদক্ষেপ লৈছে ভোপালৰ আবকাৰী বিভাগে ।

সংবাদ সংস্থা সূত্রে খবৰ, প্রায় এক লাখ আঠ হেজাৰ বিয়াৰ বতল বুলড’জাৰেৰে ভাঙি পেলোৱা হৈছে । প্রায় ন হেজাৰ বাকচত ৰখা আছিল বিয়াৰৰ বতলবোৰ । বিভিন্ন সংস্থাৰ এই বিয়াৰবোৰৰ দাম প্রায় ডেৰ কোটি টকা । বিয়াৰৰ বতল ভঙাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে ।

তথ্য অনুসৰি, এই বিয়াৰবোৰৰ ম্যাদ উকলিছে । তাৰ পাছতো ভোপালৰ আব্বাস নগৰত এটা গুদামত ৰখা আছিল । এটা এটা বাকচত ১২টা বিয়াৰ বতল ৰখা আছিল । ছমাহ পূৰ্বেই বিয়াৰবোৰৰ ম্যাদ উকলিছে । ম্যাদ উকলাৰ বাবে লক্ষাধিক বিয়াৰ নষ্ট কৰাৰ সিদ্ধান্ত লয় আবকাৰী বিভাগে । কিয়নো, ম্যাদ উকলা বিয়াৰ খালে অসুস্থ হোৱাৰ সম্ভাৱনা আছে ।

এই প্রসংগত আবকাৰী বিভাগৰ এগৰাকী বিষয়াই জনাইছে, খবৰ লাভ কৰিয়ে এই গুদামত অভিযান চলায় তেওঁলোকে । তাৰ পাছত তদন্তত নামি এই লক্ষাধিক ম্যাদ উকলা বিয়াৰ বতলৰ সন্ধান পোৱা যায় । ইয়াৰ পাছতেই বতলবোৰ ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হয় ।

গুদামত ৰখা ম্যাদ উকলা অন্য কোনো বিয়াৰ বজাৰত বিক্রী হৈছে নেকি, তাৰো পৰ্যৱেক্ষণ কৰা হৈছে । অৱশ্যে কোন সময়ত বুলড’জাৰ চলাই লক্ষাধিক বিয়াৰৰ বতল ভাঙি পেলোৱা হৈছে, সেয়া সঠিককৈ জানিব পৰা নাই ।

Exit mobile version