CHANDIGARH UNIVERSITY:পঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত অঘটন ; ৮ ছাত্ৰীৰ আত্মহত্যাৰ চেষ্টা

WhatsApp Image 2022 09 18 at 16.03.09

CHANDIGARH UNIVERSITY:পঞ্জাৱৰ চণ্ডীগড় বিশ্ববিদ্যালয়ত শনিবাৰে সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা । এগৰাকীৰ পিছত আন এগৰাকীকৈ মুঠ ৮ গৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলোৱা ঘটনাই এতিয়া দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । এগৰাকী সহপাঠীয়ে ৬০ গৰাকীৰো অধিক সহপাঠীৰ আপত্তিজনক ভিডিঅ’ ৰেকৰ্ড কৰি ইণ্টাৰনেটত ভাইৰেল কৰাৰ পিছতেই বিশ্ববিদ্যালয়খনত এই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ।

ঘটনা অনুসৰি বিশ্ববিদ্যালয়খনৰ প্ৰায় ৬০ গৰাকী ছাত্ৰীয়ে স্নান কৰি থকা অৱস্থাত এই অভিযুক্ত ছাত্ৰীগৰাকীয়ে ভিডিঅ’ ৰেকৰ্ড কৰি সামাজিক মাধ্যমত ভাইৰেল কৰে ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতেই বিশ্ববিদ্যালয়খনৰ ৮ গৰাকীকৈ ছাত্ৰীয়ে আত্মহত্যাৰ চেষ্টা চলায় । ইয়াৰে এগৰাকী ছাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।
এই জঘন্য ঘটনা সংঘটিত কৰা অভিযুক্ত ছাত্ৰী গৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি জেৰা অব্যাহত ৰাখিছে ।

দেশজুৰি তীব্ৰ জোকাৰণি তোলা এই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তোলাৰ লগতে অভিযুক্ত ছাত্ৰীগৰাকীৰ ওপৰত বিহীত ব্যৱস্থা ল’বলৈ অভিভাৱকৰ লগতে বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সকলে দাবী উত্থাপন কৰিছে ।

Exit mobile version