COVID-19 : ক’ভিড আপডেট

72131f4f4405efd0b505f1c80406347d

দেশজুৰি বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা কিছু কমিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৫,৬৪৩ । শনিবাৰে এই সংখ্যা আছিল ৫,৭৪৭ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষে আছে কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা এতিয়াও দুহেজাৰৰ ওপৰতেই আছে । বিগত ২৪ ঘণ্টাত কেৰালাত দৈনিক সংক্রমিতৰ সংখ্যা ২,২১১ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৬৩১), তামিলনাডু (৪৭৯), কর্নাটক (৪৭৬), পশ্চিমবংগ (২৮৩) আৰু ওড়িছা (২৩৩) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ১৪ জনৰ মৃত্যু হৈছে । মহাৰাষ্ট্রত তিনিজন, ছত্তীছগঢ়ত দুজন আৰু কর্নাটক, পশ্চিমবংগ, দিল্লী, ৰাজস্থান, গুজৰাট, হাৰিয়ানা, পঞ্জাৱ, হিমাচল প্রদেশ আৰু কেৰালাত এজন লোক ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ।

তদুপৰি কেৰালাত কৰ’নাত আক্রান্ত হৈ ২১ জনৰ আগতে মৃত্যু হৈছিল যিটো তালিকাত পাছত নথিভুক্ত কৰা হৈছে । শনিবাৰে এই সংখ্যা আছিল ১৬ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৭৪৯ জন লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশৰ দৈনিক সংক্রমণৰ হাৰ কিছু বাঢ়ি হৈছে ১.৯৬ শতাংশ । শনিবাৰে দৈনিক সংক্রমণৰ হাৰ আছিল ১.৬৯ শতাংশ ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুযায়ী, যোৱা ২৪ ঘণ্টাত ক’ভিড আক্ৰান্ত হৈ ৪,৫৫৫ জন লোক সুস্থ হৈছে । দেশজুৰি সুস্থ হৈছে চাৰি কোটি ৩৯ লাখ ৫৭ হেজাৰ ৯২৯ জন । বর্তমান সুস্থতাৰ হাৰ ৯৮.৭১ শতাংশ ।

Exit mobile version