পানীয়ে প্ৰাণীৰ প্ৰাণ ! কিন্তু প্ৰতি দিনে ঘৰত, ঘৰৰ বাহিৰত কামৰ মাজত পানী খোৱাৰ কথা মনত নাথাকে । পৰিমাপ মতে পানী নোখোৱাৰ ফলত, বৃক্কৰ সমস্যাৰ লগতে হজমৰ সমস্যা, আনকি ছালৰ নানা সমস্যাৰো সম্মুখীন হ’বলগীয়া হয় । এজন পূর্ণবয়স্ক মানুহে দিনে অন্তত চাৰি লিটাৰ পানী খাব লাগে ।
কিন্তু কেতিয়াবা পানী খোৱাৰ কথা মনত নাথাকে, কেতিয়াবা পানী খাবলৈ মন নাযায় । কিন্তু দিনৰ পাছত দিন পানী কমকৈ খালে শৰীৰ অসুস্থ হ’ব । ফলত প্রয়োজন মতে পানী খাবই লাগিব । কি কৰিলে প্রয়োজন মতে পানী খোৱা হ’ব ? তাৰ বাবে কি কৰিব লাগিব ?
১) পানীৰ নিজস্ব কোনো স্বাদ নাই । সেয়ে কেৱল পানী খাবলৈ ভাল নালাগিলে পানীৰ লগত নেমু মিহলি কৰি খাব পাৰে । তদুপৰি ডিটক্স ৱাটাৰ খাব পাৰে । তিয়ঁহ, তৰমুজ, আদা, ষ্ট্ৰবেৰী পানী তিয়াই ৰাখিব পাৰে । স্বাদ আহিব । শৰীৰো ভালে থাকিব ।
২) প্রতিদিনৰ নির্দিষ্ট কোনো কামৰ স’তে পানী খোৱাৰ অভ্যাসো কাৰ্যপ্ৰণালীত সাঙুৰি লওক । যেনে, গোটেই দিনটোত কামৰ মাজতে, যিমানবাৰ শৌচালয়ত যাব, ঘূৰি আহি পানী খাব ।
৩) সকলো সময়তে পানী খাব ভাল নালাগিলে এনে ধৰণৰ ফল খাব পাৰে, য’ত পানীৰ পৰিমাণ অধিক । যেনে তিয়ঁহ, তৰমুজ, মধুৰিআম ।
৪) সম্প্ৰতি স্মার্টফোনত বিভিন্ন ধৰণৰ এপ্লিকেছন আছে । য’ত নির্দিষ্ট সময়ৰ ব্যৱধানত পানী খাবৰ বাবে এলার্ম দি ল’ব পাৰে । কেৱল এলার্মেই নহয়, গোটেই দিনটোত কিমান পৰিমাণে পানী খালে, তাৰ হিচাপো থাকিব ।
৫) যেতিয়াই শীতল পাতল পানীয় খোৱাৰ ইচ্ছা হ’ব, পানী খাব । একান্ত নোৱাৰিলে ফলৰ ৰসো খাব পাৰে ।