Joe Biden : ইউক্রেইনত পৰমাণু অস্ত্র ব্যৱহাৰ কৰিলে পৰিণতি ‘ভয়ংকৰ’ হ’ব, পুটিনক সকীয়নি বাইডেনৰ

WhatsApp Image 2022 09 18 at 20.57.20

UKRAINE : ইউক্রেইনত পাৰমাণৱিক আৰু ৰাসায়নিক অস্ত্র ব্যৱহাৰ নকৰিবৰ বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক অনুৰোধ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে । অন্যথা আমেৰিকাই এনে কোনো ‘পদক্ষেপ’ ল’বলৈ বাধ্য হ’ব, যিটো কল্পনাৰো অগোচৰ — এই কথা স্পষ্ট কৰি দিছে বাইডেনে ।

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত যুদ্ধৰ সম্প্রতি কিছু অগ্রগতি লক্ষ্য কৰা হৈছে । ইউক্রেইনৰ উত্তৰ-পূৱ সীমান্তত ৰুছ আক্রমণ প্রতিহত কৰিবলৈ সক্ষম হৈছে ইউক্রেইনৰ সেনাবাহিনী । কিছু ক্ষেত্রত প্রত্যাঘাতো কৰিছে তেওঁলোকে । ইয়াৰ পাছতে ইউক্রেইনক সকীয়নি দি পুটিনে জনায়, ৰুছ বাহিনীক আঘাত কৰিলে ৰাছিয়াই এনেকোৱা প্ৰত্যুত্তৰ দিব, যিটো ইউক্রেইনসহ বাকীসকলেও আশা কৰা নাই । পুটিনৰ এই ‘অপ্রত্যাশিত’ প্ৰত্যুত্তৰৰ ভিতৰত পাৰমাণৱিক তথা ৰাসায়নিক অস্ত্রৰ কৌশলগত প্রয়োগ কৰাৰ সম্ভাৱনা দেখিছিল কোনো কোনোৱে ।

শনিবাৰে আমেৰিকাৰ এটা সংবাদমাধ্যমত সাক্ষাৎকাৰ দিবলৈ গৈ এই প্রসংগত বাইডেনে কয়, “ৰাছিয়াই যদি ইউক্রেইনৰ ওপৰত কোনো ‘চৰম পদক্ষেপ’ লয়, তেন্তে ই যুদ্ধৰ অভিমুখ সম্পূর্ণ সলনি কৰি দিব পাৰে আৰু তাৰ যি পৰিণতি হ’ব, সেয়া দ্বিতীয় বিশ্বযুদ্ধৰ অভিঘাতকো পিছ পেলাব ।” ৰাছিয়াক এনে কোনো পদক্ষেপৰ পৰা বিৰত থাকিবৰ বাবে অনুৰোধ কৰাৰ লগতে প্রচ্ছন্ন সকীয়নিও দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে । অৱশ্যে এই ক্ষেত্রত ‘অভাৱনীয় পদক্ষেপ’টো কি, সেয়া জনোৱা নাই বাইডেনে ।

ৰুছ-ইউক্রেইন যুদ্ধৰ সূচনাতেই পুটিনে জনাইছিল, পশ্চিমীয়া বিশ্বৰ তৰফৰ পৰা অবাঞ্ছিত হস্তক্ষেপ কৰিলে তথা কোনো দেশৰ কার্যকলাপৰ বাবে ৰাছিয়াৰ নিৰাপত্তা বিঘ্নিত হ’লে ৰাছিয়াৰ তৰফৰ পৰা এনে প্ৰত্যুত্তৰ দিয়া হ’ব, বিশ্ব ইতিহাসত যিটো পূৰ্বে কেতিয়াও দেখা নাই । অৱশ্যে পাৰমাণৱিক অস্ত্রৰ ব্যৱহাৰ প্রসংগত তেওঁলোকৰ বিৰুদ্ধে উঠা যাৱতীয় অভিযোগ সম্পূৰ্ণ অস্বীকাৰ কৰিছে মস্কোৱে । তেওঁলোকৰ তৰফৰ পৰা জনোৱা হৈছে, পাৰমাণৱিক বা ৰাসায়নিক অস্ত্রৰ ব্যৱহাৰ সন্দৰ্ভত ৰাছিয়াৰ বিৰুদ্ধে বাকী বিশ্বক ভুল বুজাইছে আমেৰিকাৰ দৰে কিছু দেশে ।

Exit mobile version