Narendra Modi : লেন্সকেপ নোখোলাকৈয়ে চিতাৰ ছবি তুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে ?

WhatsApp Image 2022 09 18 at 20.09.07 1

Narendra Modi :মধ্যপ্রদেশৰ ৰাষ্ট্ৰীয় উদ্যানত চিতাকেইটাক পিঞ্জৰামুক্ত কৰাৰ পাছত সহঁতৰ ছবি তুলিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে । বহু সময় ধৰি পশুকেইটাক লক্ষ্য কৰি কেমেৰা ৰখা দেখা গৈছিল । তাৰ পাছৰ পৰাই সামাজিক মাধ্যমত প্রধানমন্ত্রীৰ কিছু ছবি ভাইৰেল হৈছে । দাবী কৰা হৈছে, কেমেৰাৰ লেন্সকেপ নোখোলাকৈয়ে ছবি তুলিছিল প্ৰধানমন্ত্ৰীয়ে । ইয়াকে লৈ নানা ঠাট্টা-মস্কৰা আৰম্ভ হৈছে শনিবাৰৰ পৰাই ।

সামাজিক মাধ্যমত হাতত কেমেৰা লৈ প্ৰধানমন্ত্ৰী মোদীৰ দুই ধৰণৰ ছবি ভাইৰেল হৈছে । এটা ছবিত দেখা গৈছে, তেওঁ লৈ থকা কেমেৰাটোৰ লেন্সকেপৰ অংশ অন্ধকাৰ । খোলা আছে নে বন্ধ, স্পষ্টভাৱে ধৰিব পৰা নাই । কংগ্রেছৰ একাধিক নেতাই এই ছবি দেখি ইতিকিং কৰিছে । তেওঁলোকৰ দাবী, ছবি তোলা সম্পর্কে প্রধানমন্ত্রীৰ সাধাৰণ জ্ঞানো নাই ।

আন এটা ছবিও ভাইৰেল হৈছে সামাজিক মাধ্যমত । তাত দেখা গৈছে, প্ৰধানমন্ত্ৰী মোদীয়ে লৈ থকা কেমেৰাটোৰ লেন্সকেপৰ অংশত ডাঙৰ আখৰেৰে লিখা আছে ‘কেনন’ । বন্ধ লেন্সকেপৰ ওপৰত কেমেৰা প্রস্তুতকাৰী সংস্থাৰ নাম এনেদৰেই লিখা থাকে ।

সংবাদ সংস্থা অ’পিইণ্ডিয়াই প্রধানমন্ত্রীৰ ভাইৰেল ছবিবোৰৰ সত্যতা পৰীক্ষা কৰিছে । তেওঁলোকৰ মতে, দুটা ছবিৰ কোনোটোৱেই সঠিক নহয় । অ’পিইণ্ডিয়াই কয়, প্রধানমন্ত্রীয়ে ‘নিকন’ সংস্থাৰ কেমেৰা ব্যৱহাৰ কৰিছিল । তাতে জুম লেন্স লগোৱা আছিল । নিকনৰ কেমেৰাবোৰত লেন্সৰ বাহিৰত ডাঙৰ আখৰেৰে সংস্থাৰ নাম লিখা থাকে । ভাইৰেল ছবিত তেনেধৰণৰ একো নাই । অৰ্থাৎ, প্ৰধানমন্ত্ৰী মোদীৰ হাতৰ কেমেৰাত লেন্স খোলাই আছিল, দাবী সংস্থাৰ ।

অ’পিইণ্ডিয়াই আৰু জনায়, প্ৰধানমন্ত্ৰী মোদীৰ ছবিটো জুম কৰিলে অতি পাতলকৈ লেন্সৰ চাৰিওফালৰ লিখা দেখা যায় । ইউভি লেন্স ফিল্টাৰৰ বাবে এই লিখা দেখা গৈছে বুলি দাবী । লেন্সৰ কাচক বাহিৰৰ ধূলি-বালিৰ পৰা ৰক্ষা কৰিবৰ বাবে এই ফিল্টাৰ ব্যৱহাৰ কৰা হয় । ফিল্টাৰটো খোলা থাকিলে দূৰৰ পৰা লেন্সৰ কাচ দেখা নাযায় বুলিয়ে ক’ব পাৰি । এই ক্ষেত্রত পোহৰৰ বাবে একেবাৰেই দেখা নাযায়, দাবী অ’পিইণ্ডিয়াৰ ।

দ্বিতীয় ছবিটোৰ লেন্সল স্থানত ‘কেনন’ লিখা আছে । অথচ, কেমেৰাৰ ফ্লেছৰ স্থানত দেখা গৈছে ‘নিকন’-ৰ নাম । অ’পিইণ্ডিয়াৰ দাবী, মূল ছবিটো বাওঁফালে মুখ হৈ থকা । ছবিটো সোঁফালে ঘূৰাই কেনন-ৰ লেন্সকেপ বহাই দিয়া হৈছে । এই ছবিটো যিয়ে ইডিট কৰিছে, ওপৰত যে নিকন লিখা আছে, সেইটো তেওঁ লক্ষ্য কৰা নাই বুলি জনাইছে সংবাদ সংস্থাটোৱে । তেওঁলোকৰ আৰু দাবী, কেমেৰা প্রস্তুতকাৰী সংস্থাবোৰৰ লেন্সৰ আকাৰ সকলো সময়তে পৃথক হয় । ছবিটো প্ৰস্তুত কৰাৰ সময়ত সেইটোও লক্ষ্য কৰা নাই । সেয়ে নিকনৰ কেমেৰাত বহোৱা হৈছে কেননৰ লেন্স ।

ভাইৰেল দুটা ছবিয়ে কংগ্রেছৰ নেতাসকলে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে । অন্যান্য বিৰোধী দলসমূহৰ কর্মী সমর্থকসকলেও ছবি শ্বেয়াৰ কৰি ইতিকিং কৰিছে । কিন্তু অ’পিইণ্ডিয়াই সত্যতা পৰীক্ষা কৰিছে, প্রধানমন্ত্রীৰ কেমেৰাৰ লেন্স সংক্রান্ত দাবী প্ৰকৃততে ভুৱা ।

Exit mobile version