RAIN : বৰষুণৰ বতৰত বাইকখন চলোৱাৰ পূৰ্বে অলপ হ’লেও চকু ফুৰাওক !

WhatsApp Image 2022 09 18 at 20.56.24

RAIN : ৰষুণৰ বতৰত আপুনি বাইক বা স্কুটী চলোৱাৰ পূৰ্বে বাইকখনৰ চাৰিওকোণ অলপ হ’লেও চকু ফুৰাওক ৷ কিয়নো আপোনাৰ অজ্ঞাতে বাইকৰ হেণ্ডেল বা আন অংশত বিশাক্ত সাপে থাকিব পাৰে ৷ যিটো যিকোনো মুহূৰ্তত আপোনাৰ বাবে হ’ব পাৰে বিপদজনক ৷

শেহতীয়াকৈ ভাইৰেল হোৱা প্ৰায় দুই মিনিটৰ এক ভিডিঅ’ত দেখা গৈছিল এডাল বিশাক্ত ৰজা ফেঁটীসাপ স্কুটি এখনৰ হেণ্ডেলৰ ভিতৰত বাহৰ পাতি আছে ৷ পিছত হেণ্ডেলডাল জোকাৰি দিয়াৰ লগে লগে হেণ্ডেলৰ তলৰ চেপৰ পৰা ওলাই থিয় হয় ফেটী সাপডাল । ভিডিঅ’টোত এজন সৰ্পবিদে কিছু সময় ধৰি চেষ্টা কৰাৰ অন্তত সাপটোক বেইলী পানীৰ বটলত সোমাই নিৰাপদ স্থানলৈ লৈ যায় ।

এই ভিডিঅ’টো ভাৰতীয় বন সেৱাৰ বিষয়া চুচেন্টা নন্দাই তেওঁৰ টুইটাৰ একাউণ্টৰ পৰা ছচিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি শিৰোনামটোত লিখিছে, “বৰষুণত এনে অতিথি সচৰাচৰ হয় কিন্তু ইয়াক সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটো অস্বাভাৱিক কিন্ত কেতিয়াও চেষ্টা নকৰিব।”

Exit mobile version