দোতমাৰ সমীপৱৰ্তী ডাঙাৰকুটী গাওঁত এজন যুৱক নিৰুদ্দেশ

WhatsApp Image 2022 09 19 at 19.49.38

KOKRAJHAR : কোকৰাঝাৰ জিলাৰ দোতমা আৰক্ষী চকীৰ অন্তৰ্গত ডাঙাৰকুটী গাওঁৰ নিবাসী সুমিত্রা ৰায়ৰ পুত্ৰ ব্ৰজেন্দ্ৰ ৰায় যোৱা ৩০ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে। পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰ খোচাৰ কৰি যুৱকজনৰ সন্ধান লাভ কৰিব নোৱাৰাত দোতমা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়েও যুৱকজনৰ বিচাৰ খোচাৰ কৰে যদিও আজিলৈকে যুবকজনৰ কোনো শুংসুত্ৰ লাভ কৰিব পৰা নাই।

উপায় বিহিন হৈ পৰিয়ালৰ লোকে আজি সংবাদমাধ্যমৰ কাষ চাপে আৰু সংবাদমাধ্যমৰ জৰিয়তে অসমবাসী ৰাইজক যুৱকজনক কৰবাত দেখা পালে 8761097710 নম্বৰত অথবা ওচৰৰ আৰক্ষী থানাত খবৰ দিবলৈ অনুৰোধ জনায়।

Exit mobile version