BANGLADESH : বাংলাদেশত চলিত বছৰত বৃদ্ধি পাইছে ১০ % বাল্য বিবাহ

WhatsApp Image 2022 09 19 at 19.10.16

WORLD WOMEN : বিশ্বজুৰি নাৰী সৱলীকৰণৰ শ্ল’গান এক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হোৱাৰ সময়তে ভাৰতৰ দাঁতি কাষৰীয়া দেশ বাংলাদেশত পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য ।
২০২১ বৰ্ষৰ তুলনাত ২০২২ বৰ্ষত বাংলাদেশত ১৫ বছৰৰ ১৯ বছৰৰ বয়সৰ ছোৱালীৰ বিয়াৰ হাৰ প্ৰায় ১০% বৃদ্ধি পাইছে । কোভিডৰ এই দুটা বছৰত এই বয়সৰ প্ৰায় ২৭ শতাংশ ছোৱালীৰ বিবাহ সম্পন্ন হৈছে ।

দেওবাৰে জাতিসংঘৰ জনসংখ্যা তহবিল চমুকৈ ইউ এন এফ পি – এ বাল্য বিবাহৰ ওপৰত চলোৱা এক জৰীপত এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । ৰাজধানীৰ হোটেল ইণ্টাৰকণ্টিনেণ্টালত আয়োজিত এক অনুষ্ঠানত ক’ভিড অতিমাৰীৰ সময়ত বাল্যবিবাহ তথা শশুৰেৰ বস্তি অঞ্চলত মানসিক স্বাস্থ্য ব্যৱস্থাপনা শিৰোনামেৰে দুটা জৰীপ প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে এই তথ্য । মূলতে আমাৰ দেশত ১৮ বছৰৰ তলৰ ছোৱালীৰ বিয়া হ’ লে সেই বিবাহক বাল্য বিবাহ হিচাপে ধৰা হয় । উল্লেখযোগ্য যে , এই জৰীপত ১৯ বছৰৰ বয়সৰ কিছু বিবাহ হোৱা ছোৱালী পোৱা গৈছে । যাৰ বয়স ২০২০ আৰু ২০২১ চনত ১৮ বছৰৰ তলৰ আছিল ।

প্ৰতিবেদনত এই তথ্যও প্ৰকাশ পাইছে যে , ক’ৰোনা অতিমাৰীৰ দুটা বছৰত ১৫ ৰ পৰা ১৯ বছৰ বয়সৰ ছোৱালী প্ৰায় ২৭ % বিবাহ সম্পন্ন হৈছে । ইয়াৰ প্ৰথম বৰ্ষত অৰ্থাৎ ২০২০ বৰ্ষত ২৪ % আৰু দ্বিতীয় বৰ্ষত অৰ্থাৎ ২০২১ বৰ্ষত ৩৪ % বাল্য বিবাহ সম্পন্ন হৈছে । ইউ এন এফ পি –ৰ সহায়ত এই জৰীপ কাৰ্যসূচীটো পৰিচালনা কৰে বে-চৰকাৰী সংস্থা ‘মানুহৰ বাবে’ ফাউণ্ডেশ্যনে । ২০২১ বৰ্ষৰ ডিচেম্বৰত আৰু চলিত বছৰৰ জানুৱাৰী মাহত ২০ খন জিলাত ২ হাজাৰ ৮২০ গৰাকী লোকৰ ওপৰত এই জৰীপ কৰা হয় ।

প্ৰতিবেদনত এই কথাও উল্লেখ কৰা হৈছে যে , জিলাই জিলাই বাল্য বিবাহৰ হাৰ ব্যাপক তাৰতম্য দেখা গৈছে । ৰঙামাটী জিলাত বাল্য বিবাহ ৪ % পোৱাৰ লগতে লক্ষ্মীপুৰত ৪০ % পোৱা গৈছে । জৰীপৰ সময়ত দেখা পোৱা গৈছিল যে , বিবাহিত ১৫ % আছিল অন্ত:সত্বা আৰু বিয়া হোৱা মাত্ৰ ২৪ % ছোৱালী স্কুল যোৱাৰ অভিজ্ঞতা আছিল । ঢাকাৰ উত্তৰ আৰু দক্ষিণ চিটি কৰ্পৰেশ্যন অঞ্চলত এক হাজাৰ কিশোৰী আৰু মহিলাক অন্তৰ্ভুক্ত কৰি এই জৰীপৰ প্ৰতিবেদন প্ৰকাশ কৰা হৈছিল । এই প্ৰতিবেদনত এই কথা পোহৰলৈ আহিছে যে , বাংলাদেশৰ ৪২ % মহিলাই মাহেকীয়াৰ সময়ত সাধাৰণ কাপোৰ ব্যৱহাৰ কৰে । বাংলাদেশৰ বহু অঞ্চলত এতিয়াও মাহেকীয়া ঋতু সম্পৰ্কত না-না কু-সংস্কাৰ প্ৰচলিত হৈ আছে ।

Exit mobile version