DURGA PUJA : দূৰ্গা পূজাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ বিশেষ SOP

WhatsApp Image 2022 09 19 at 18.05.31

SHARADIYA DURGA PUJA : শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ বাৰদিন থকা অৱস্থাত দূৰ্গা পূজাৰ এছ অ পি জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৷ আজি পুথিভঁৰালত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰসাশনৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা বিশেষ সভাৰ অন্তত দূৰ্গাদূৰ্গা পূজা কমিটি সমুহৰ বাবে কিছু নিদৰ্শনা জাৰি কৰে জিলা প্ৰশাসনে । সভাত উপস্থিত থাকে ডি চিপি হিৰণ্য কুমাৰ বৰ্মন, অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি হাজৰিকা, পৰিবহন বিষয়া গৌতম দাস, অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া, আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ বিষয়াৰ লগতে আন কেইবাটাও বিভাগ। প্ৰশাসনে জাৰি কৰা নিয়মাৱলী সমূহ হ’ল এনেধৰণৰ:
পূজা অনুষ্ঠিত কৰাৰ বাবে পোনতে আবেদন কৰিব লাগিব সংশ্লিষ্ট অঞ্চলৰ থানাত ।

পথৰ ওপৰত পেণ্ডেল বনাই পূজা কৰাত নিষেধাজ্ঞা ৷

পূজা মণ্ডপ চৌহদত পূজা কমিটিয়ে মজুত কৰি ৰাখিব লাগিব বালি ,পানী মজুত আৰু জুই নিৰ্বাপনৰ সজুলি কৰিব পৰাকৈ।

একেদৰে মণ্ডপ চৌহদত কতৰ্ব্যনিষ্ঠা থকা স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব ৷

একেদৰে মণ্ডপৰ সন্মুখৰ ভাগত সকলোৱে দেখাকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ হেল্প লাইন নম্বৰ ডাঙৰ আখৰেৰে লিখা ফলক বা বেনাৰ আৰিব লাগিব ৷

পূজা কমিটিৰ চৌহদত পাৰ্কিং ব্যৱস্থা তদাৰক কৰিব কমিটিৰ স্বেচ্ছাসেৱক আৰু আৰক্ষীৰ যৌথগোটে ।

পূজা কমিটিৰ স্বেচ্ছাসেৱকৰ ডিঙিত অৰা থাকিব পৰিচয় পত্ৰ ৷

তদুপৰি পূজা কমিটিত হেল্প ডেস্ক থকাটো বাঞ্ছনীয় ৷

পথ অৱৰোধৰে পূজা নাপাতিবলৈ আহ্বান।

পূজা কমিটিৰ সাংস্কৃতিক সন্ধিয়া নিশা ৯ বজা ভিতৰত সামৰণি কৰিব লাগিব ৷

পূজা মণ্ডপত উচ্চশব্দযুক্ত শব্দযন্ত্ৰী বা ডি জে ব্যৱহাৰ নকৰিবলৈ অনুৰোধ ৷

পূজা মণ্ডপত বিদ্যুৎ সংযোগৰ ক্ষেত্ৰত আগতিয়াকৈ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰা আগতিয়াকৈ অনুমতি লোৱাটো বাঞ্ছনীয় ৷

Exit mobile version