GOLAGHAT ATHKHELIA NAMGHAR : পৰিচালনা সমিতিৰ ক্ষমতাক লৈ দীৰ্ঘদিনীয়া সংঘাত ঐতিহ্যমণ্ডিত আঠখেলীয়া নামঘৰৰ মূল প্ৰৱেশ দ্বাৰা ওলমালে প্ৰকাণ্ড তলা !

ব্যাপক নিৰাপত্তা ব্যৱস্থা

WhatsApp Image 2022 09 19 at 19.39.46

GOLAGHAT : গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত মূল প্ৰৱেশ দ্বাৰত এইবাৰ ওলমিল তলা । উত্তৰ পূৰ্বাঞ্চলৰ ঐতিহ্যমণ্ডিত পীঠস্থান গোলাঘাট জিলাৰ শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰত য়িকোনো মূহুৰ্তত পুনৰ সংঘটিত হ’ব পাৰে ভয়ানক পৰিস্থিতি । এনে আশংকা ঘণিভুত হোৱাত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ চৌহদত আজি শ-শ আৰক্ষী,অৰ্দ্ধ – সামৰিক বাহিনীৰ নিৰাপত্তা বেষ্টনি গঢ়ি তুলিবলৈ প্ৰশাসন বাধ্য হয় ।গোলাঘাটৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ মুল প্ৰৱেশ দ্বাৰত আজি কৰ্ণধাৰ সমিতিয়ে তলা ওলমোৱা ঘটনাৰ পাচত পৰিচালনা সমিতিৰ ক্ষমতাক লৈ বিতৰ্কই লগ নেৰা আঠখেলীয়া নামঘৰ প্ৰসংগই পৰিস্থিতি অধিক জটিল হৈ তুলিছে । উল্লেখ্য যে, পূৰ্বৰ পৰিচালনা সমিতিখনে গুৱাহাটীত উচ্চ ন্যায়ালয়ত জনোৱা

আবেদনৰ ভিত্তিত মহামান্য উচ্চ ন্যায়ালয়ৰ আদেশত আৰু জিলা প্ৰশাসনৰ তত্বাৱধানত যোৱা ৮ চেপ্তেম্বৰত আঠখেলীয়া নামঘৰৰ ৰংগমঞ্চত এখন সাধাৰণ সভা অনুষ্ঠিত কৰে । উক্ত সভাতে এখন আঠখেলীয়া নামঘৰ পৰিচালনা সমিতি গঠন কৰে । আজি গঠন কৰা পৰিচালনা সমিতিখনে দায়িত্বভাৰ লোৱাৰ উদ্দেশ্যে নামঘৰ সন্মূখত উপস্থিত হোৱাৰ পাচত বৰ্তমান নামঘৰ পৰিচালনা কৰি থকা কৰ্ণধাৰ সমিতিখনে ৮চেপ্তেম্বৰত গঠন কৰা পৰিচালনা সমিতিখন অবৈধ আৰু অসাংবিধানিক বুলি দাবী কৰি নামঘৰৰ মূল প্ৰৱেশ দ্বাৰত পুৱা ভাগত তলা ওলমাই দিয়ে । তাৰ পৰিপ্ৰেক্ষিতত দায়িত্ব ল’বলৈ অহা নতুনকৈ গঠন কৰা পৰিচালনা সমিতিয়ে বিফল মনোৰথেৰে উভটিবলগীয়া হয় ।

ইয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হয়। দূৰ-দূৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হয়। উল্লেখ্য যে আঠখেলীয়া নামঘৰ পৰিচালনা সমিতিৰ ক্ষমতা দখলক দুটা ফৈদৰ মাজত দীৰ্ঘদিন ধৰি সংঘাতৰ সৃষ্টি হৈ আহিছে । ২০১৬ চনত ঐতিহ্যমণ্ডিত নামঘৰৰ ভিতৰতে দুটা ফৈদৰ মাজত ইয়াক মাৰপিটৰ ঘটনা সংঘটিত হৈ ৰক্তাত্ব পৰিৱেশৰো সৃষ্টি হৈছিল । আজি তলা ওলমোৱা কাণ্ডক লৈ সমগ্ৰ অঞ্চলটোতে চেপা উত্তেজনাই বিৰাজ কৰাৰ অন্তত অৱশ্যে বিয়লিভাগত মূল প্ৰৱেশ দ্বাৰা লগোৱা চলাটো খুলি দিয়ে ।‌

Exit mobile version