LEDO : লিডুৰ অবৈধ ভূ-গৰ্ভ কয়লাখনিত নিহত তিনি শ্ৰমিক

WhatsApp Image 2022 09 19 at 19.53.05

TINSUKIA : তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অতিকৈ বিতৰ্কিত চোৰাং ব্যৱসায় ৰূপে খ্যাত কয়লাৰ অবৈধ ভূ-গৰ্ভ কয়লাখনিত পুনৰ অঘটন। চোৰাং ভাবে কয়লা সৰবৰাহ কৰিবলৈ গৈ মৃত্যু মুখত পৰিছে তিনিজন কৈ শ্ৰমিক। লিডুৰ অবৈধ কয়লা খনিত বিষাক্ত গেছ নিৰ্গত হৈ বিষ্ফোৰণ হোৱাৰ বাবেই শ্ৰমিক কেইজনে মৃত্যুক আকোৱালি লোৱা বুলি জানিব পৰা গৈছে।আনহাতে আঘাতপ্ৰাপ্ত হৈছে কেবাজনো শ্ৰমিক।

প্ৰাপ্ত তথ্য অনুসৰি,তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ ঐতিহাসিক মালৌ পাহাৰৰ পূৱ অঞ্চলত অৱস্থিত তথা পাটকাই পাহাৰৰ অংশ বিশেষে চোৰাং কয়লা চোৰৰ দপদপনিৰ বাবে নিতৌ সংঘটিত হৈ আহিছে কয়লা কেন্দ্ৰীক দূর্ঘটনা ।কিছুসংখ্যক দূর্ঘটনা পোহৰলৈ আহে যদিও মৃত্যুৰ দৰে শোকাবহ দূর্ঘটনা সমূহৰ অধিকাংশই চতুৰ কয়লা চোৰে অতি কৌশলেৰে প্ৰকাশ হোৱাৰ সকলো পথ ৰোধ কৰি ৰাখে। বিশেষকৈ চোৰাং কয়লা উৎপাদিত অঞ্চলসমূহ অসম অৰুনাচলৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অৱস্থিত হোৱাৰ হেতুকে দূর্ঘটনাত পতিত হৈ মৃত্যু হোৱা শ্ৰমিক সকলৰ মৃতদেহ সমূহ অসমৰ পৰিসীমা অতিক্ৰমি অৰুনাচলৰ গভীৰ বনাঞ্চলত জীৱ জন্তুৰ দৰে পুতি ৰখাৰ অভিযোগ দীৰ্ঘকলীয়া, যাৰ বাবে এনে ঘটনাসমূহ পোহৰলৈ নাহে ।যোৱা নিশা তেনে এক ঘটনা মালৌ পাহাৰত সংঘটিত হোৱাত তিনিজনকৈ শ্ৰমিক অতি শোকাবহ ভাবে মৃত্যুক আকোৱালী লোৱাৰ লগতে কেইবাজনো শ্ৰমিক আঘাটপ্ৰাপ্ত হয় ।

জানিব পৰা মতে অঞ্চলটোৰ কুখ্যাত কয়লা চোৰ জনৈক খান নামৰ লোকজনে যোগান ধৰা শ্ৰমিকৰ দ্বাৰা জনৈক ডেভিদৰ নেতৃত্বত নিৰ্মাণ কৰা এটি অবৈধ কয়লা খনিত কাম কৰি থকা অৱস্থাত আকস্মিক ভাবে বিষাক্ত মিথেন গেছ বিষ্ফোৰণ হোৱাত তিনিজন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো আঘাটপ্ৰাপ্ত হয় ।মৃত শ্ৰমিক কেইজন যথাক্ৰমে বঙাইগাওঁ জিলাৰ যোগীঘোপাৰ ছাহিদুল ইছলাম আৰু হুছেইন আলি আৰু আনজন গোৱালপাৰা জিলাৰ বগুৱানৰ আছমত আলি বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে চতুৰ কয়লা চোৰ ডেভিদে তিনিওটা মৃতদেহ গভীৰ অৰণ্যত লুকুৱাই ৰাখিছিল যদিও আন এচাম শ্ৰমিকৰ সহযোগিতাৰ বাবে ঘটনাটি পোহৰলৈ আহে।

মৃত শ্ৰমিক কেইজনৰ ওচৰৰ বাসিন্দাই প্ৰায় এমাহৰ আগতে লিডুত খান আৰু ডেভিদ নাগাৰ অধীনত কাম কৰিবলৈ অহা বুলি উল্লেখ কৰি শ্ৰমিক কেইজনৰ পৰিয়ালক ক্ষতিপূৰণ দিবৰ বাবে দাবী উত্থাপন কৰে। লক্ষ্যণীয় যে, মালৌ পাহাৰত দীৰ্ঘদিনৰ পৰা চলি অহা চোৰাং কয়লাৰ বৃহৎ চিণ্ডিকেটৰ মূলতে হৈছে অঞ্চলটিৰ গাওঁ বুঢ়া তথা লিডুৰ কুখ্যাত কয়লা চোৰ তেহন হাখুন। পৰম্পৰা অনুযায়ী পিতৃৰ মৃত্যুৰ পিছত গাওঁ বুঢ়াৰ দায়িত্ব লোৱা যুৱক তেহন হাখুনে নিজকে পাহাৰীয়া গাওঁ খনৰ অবিসম্বাদী জনজাতীয় নেতা হিচাপে কয়লাৰ চোৰাং বজাৰ খন নিজৰ তত্বাৱধানত ৰাখি যধে মধে কয়লাৰ উৎপাদন আৰু বিক্ৰী কৰি অসমৰ সেউজীয়া পাহাৰখন ধ্বংস কৰাই নহয় অসমৰ অৰ্থনীতিত কুঠাৰাঘাট সনাৰো অভিযোগ উঠিছে। এইজন গাওঁ বুঢ়াই শেহতীয়াকৈ কয়লাৰ বৃহৎ ভাণ্ডাৰ থকা মোলং পাহাৰখন অৰুনাচলৰ বুলি দাবী কৰাৰ লগতে অসমৰ ভূমিপূত্ৰ সদৃশ তাংচা জনজাতীয় লোকসকলকো অৰুনাচলি বুলি কৈ পৃথকতাবাদী চিন্তাৰ পৰিবেশ সৃষ্টি কৰিছে।

এই চৰকাৰী গাওঁ বুঢ়া জনৰ বিৰুদ্ধে বাৰম্বাৰ অভিযোগ উত্থাপিত হৈ আহিছে যদিও অতি আচৰিত ভাবে এইজনৰ বিপৰীতে আজিকোপতি কোনোধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে। আনহাতে বৰ্তমান সমগ্ৰ মালৌ পাহাৰ অঞ্চলত লিডু আৰক্ষীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

Exit mobile version