NAGAON SP OFFICE : নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত খালী কেইবাটাও গুৰুত্বপূৰ্ণ পদ

WhatsApp Image 2022 09 19 at 14.32.25 1

STATE : ৰাজ্যৰ দ্বিতীয় সৰ্ববৃহৎ জিলা নগাঁওত শেহতীয়াকৈ আইন শৃংখলা জনিত ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত বাৰুকৈয়ে সমস্যা সন্মুখীন হৈছে জিলা আৰক্ষী প্ৰশাসন ৷ জিলাখনত ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা সংঘটিত হৈছে যদিও কেইবাগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়াৰ পদ খালী হৈ থকাত ব্যাপক সমস্যাৰ সৃষ্টি হয় ৷ আমাৰ হাতত পৰা তথ্য অনুসৰি জিলাখনত তিনিটাকৈ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ ৰিক্ত হৈ আছে ৷

এ এছ পি সদৰ পদত থকা ধ্ৰুৱ কুমাৰ বৰা নামৰ এপিএছ বিষয়াজনক পদোন্নতি সহ তিনিমাহ পূৰ্বে বদলি কৰা হয় অপৰাধ নিয়ন্ত্ৰণ শাখাৰ আৰক্ষী অধীক্ষক পদলৈ গুৱাহাটীলৈ কৰা হয় বদলি৷ আনহাতে আন এজন এএছ পি নিৰাপত্তা দায়িত্বত থকা নিৰূপম হাজৰিকাক এমাহ পূৰ্বে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) পদলৈ বদলি কৰাৰ পিছত সম্প্ৰতি এই পদটো খালী হৈ আছেে  ৷

একেদৰে এএছ পি সীমান্তৰ দায়িত্বত থকা মানস শইকীয়াকো মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ গোটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয় ৷ আনহাতে জিলাখনৰ বিশেষ শাখাৰ উপ–আৰক্ষী অধীক্ষক পদত কাৰ্যনিৰ্বাহ কৰা দিপ্তী মালিক বদলিৰ পিছৰে পৰা এই পৰ্যন্ত নিযুক্তি দিয়া নাই কোনো এজন আৰক্ষী বিষয়াক ৷ চাৰিটাকৈ জ্যেষ্ঠ আৰক্ষী বিষয়া খালী হোৱাত আইন শৃংখলা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষক গৰাকী ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ অপৰাধ প্ৰৱন অঞ্চল ৰূপে পৰিচিত নগাঁও জিলাত শীৰ্ঘে অতিৰিক্ত আৰক্ষী অধীক্ষক সহ উপ- আৰক্ষী পদ কেইটাত নিযুক্তি দিবলৈ গৃহ বিভাগক আহ্বান জনাইছে ৰাইজে ৷

Exit mobile version