NATIONAL : ৰাষ্ট্ৰীয় সেৱা যোজনাৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱকৰ বঁটা লাভ অসম কন্যা নয়না শইকীয়াৰ

WhatsApp Image 2022 09 19 at 15.49.42

NATIONAL : ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকিল এগৰাকী অসম কন্যা । কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগে ডিগবৈ মহাবিদ্যালয়ৰ নয়না শইকীয়ালৈ আগবঢ়াইছে ২০২০-২১ বৰ্ষৰ ‘ৰাষ্ট্ৰীয় সেৱা যোজনা’ ৰ শ্ৰেষ্ঠ স্বেচ্ছাসেৱক পুৰস্কাৰ । ৰাষ্ট্ৰীয় সেৱা যোজনাৰ অধীনত নয়না শইকীয়াক তেওঁৰ উল্লেখযোগ্য কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে এই বঁটা আগবঢ়োৱা হৈছে ।

অহা ২৪ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় সেৱা দিৱস উপলক্ষে নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে নয়নাক এই বঁটা প্ৰদান কৰিব ।
উল্লেখযোগ্য যে ,নয়নাই ডিগবৈ মহাবিদ্যালয়ৰ অধীনত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক হিচাপে ২০১৮-২১ বৰ্ষতো ৰাজ্যিক পৰ্যায়ৰ বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল ।

Exit mobile version