PUNJAB : পত্নীৰ মৃতদেহৰ সৈতে ৫০০ কিলোমিটাৰ ৰে’লযাত্ৰা কৰিলে স্বামীয়ে

WhatsApp Image 2022 09 19 at 21.01.40

PUNJAB : পঞ্জাৱৰ লুধিয়ানাত সংঘটিত হৈছে এক চাঞ্চ্যলকৰ ঘটনা । এজন ব্যক্তিয়ে পত্নীৰ মৃতদেহৰ সৈতে প্ৰায় ৫০০ কিলোমিটাৰ ৰে’লযাত্ৰা কৰে । এই হৃদয় বিদাৰক ঘটনাটো পঞ্জাৱৰ লুধিয়ানাৰ পৰা বিহাৰ অভিমুখে অহা মৰধ্বজ এক্সপ্ৰেছত সংঘটিত হয় । নবীন কুমাৰ নামৰ এই লোক জন পত্নীসহ লুধিয়ানাৰ পৰা বিহাৰৰ ঔৰাংগাবাদলৈ উভতিছিল । ৰে’লত উঠাৰ পিছতেই পত্নী উৰ্মিলাই ঠাণ্ডাৰ বাবে কাপোৰ লৈ চিটতে শুই পৰিছিল । এনেকৈয়ে প্ৰায় ৫০০ কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত মহিলাগৰাকী বহু সময় একেৰাহে শুই থকাত কাষত বহা লোকসকলে তেওঁৰ পত্নীক এবাৰ চাবলৈ কয় ।

ইয়াৰপিছতে নবীন কুমাৰে পত্নীক জগাবলৈ চেষ্টা কৰোতে পত্নীক মৃত অৱস্থাত উদ্ধাৰ কৰে । ৰে’লৰ এজন যাত্ৰীয়ে ঘটনা সন্দৰ্ভত ৰে’লৱে আৰক্ষীক অৱগত কৰাত উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত আৰক্ষীয়ে নবীন কুমাৰক ৰে’লৰ পৰা নমাই মৃত পত্নীৰ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । ইফালে আৰক্ষীয়ে মহিলাগৰাকী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, একেলগে ৫০০ কিলোমিটাৰ যাত্ৰা কৰাৰ পিছতহে নবীনে পত্নীৰ মৃত্যুৰ কথা জানিব পৰা বুলি আৰক্ষীয়ে মন্তব্য প্ৰদান কৰিছে । দুৰ্ভগীয়া নবীনে আৰক্ষীৰ আগত প্ৰকাশ কৰে যে, তেওঁ লুধিয়ানাত এজন শ্ৰমিক হিচাপে কৰ্মৰত আছিল । পত্নী উৰ্মিলাই ঘৰলৈ যাবলৈ ইচ্ছা কৰাত ঔৰাংগাবাদলৈ আহিছিল ।

Exit mobile version