SKINCARE : এখন উজ্জ্বল ছালৰ বাবে দৈনিক তিনিবাৰ মুখ ধোৱাৰ উপৰিও কি সামগ্ৰী ব্যৱহাৰ কৰিব ? জানিবলৈ পঢ়ক :

WhatsApp Image 2022 09 19 at 15.09.39 1

 SKINCARE : মুখৰ ছাল প্ৰতিপালনৰ বাবে আপুনি মুখখন সঠিকভাৱে ধোৱাটো খুৱেই জৰুৰী । ছালৰ উজ্জ্বলতা ধৰি ৰাখিবলৈ দৈনিক কেইবাৰ মুখ ধোৱা প্ৰয়োজন ,সেইবিষয়ে হয়তো আমি বহুতেই জ্ঞাত নহয় । আমাৰ বহুতৰে হয়তো দিনটোত কেইবাৰো মুখ ধোৱাৰ অভ্যাস আছে আৰু তাতেই লুকাই থাকে আপোনাৰ ছালৰ উজ্জ্বলতাৰ ৰহস্য । আমি হয়তো বহুতে নাজানো যে , দিনটোত কেইবাৰ মুখ ধোৱা আৱশ্যক লগতে আপুনি ব্যৱহাৰ কৰা প্ৰডাক্টতেও মুখৰ ছালৰ ওপৰত প্ৰভাৱ পেলায় ।

 

১/ বহু সৌন্দৰ্য বিশেষজ্ঞই অৱশ্যে দৈনিক তিনিবাৰ মুখ ধোৱাৰ পৰামৰ্শ দিয়ে । এবাৰ ৰাতিপুৱা, এবাৰ দূপৰীয়া আৰু এবাৰ নিশা ।
দিনৰ ভাগত আমি সচৰাচৰ বাহিৰলৈ ওলাই যাওঁ । বাহিৰলৈ ওলাই যোৱা মানেই আপোনাৰ ছালত বেক্টেৰিয়াই বাস লয় । যাৰবাবে আপুনি মুখ খন ভালকৈ ধোৱাটো প্ৰয়োজন । একেদৰেই ৰাতিপুৱা মুখ ধুলে শুই উঠাৰ পিছত মুখখন দিনটোলৈ সক্ৰিয় হৈ থাকে ।
২/ ৰাতি মুখ ধুৱলৈ কেতিয়াও নাপাহৰিব । ৰাতি মুখ ধোৱাটো আপোনাৰ শ্লিপিং ৰুটিনৰ ভিতৰত ৰখাটো খুৱেই জৰুৰী । যি আপোনাক সহজে ৰাতি টোপনি অহাত সহায় কৰিব । সঠিক টোপনিয়েও ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে । যদি আপোনাৰ ছাল জ্বলা-পোৰা কৰে তেন্তে আপুনি দিনত দুবাৰ ক্লিনজাৰ ব্যৱহাৰ কৰা প্ৰয়োজন লগতে ৰাতিও মৃদু ক্লিনজাৰ ব্যৱহাৰ কৰিব পাৰে । অৱশ্যে কি কোম্পানীৰ ক্লিনজাৰ ব্যৱহাৰ কৰিব এই বিষয়ে ছালৰ বিশেষজ্ঞৰ লগত পৰামৰ্শ কৰাতোও সমানেই গুৰুত্বপূৰ্ণ ।
৩/ নিস্তেজ ছালৰ বাবে নাইট স্কিন কেয়াৰ খুৱেই দৰকাৰী । মেক আপ কৰা লোকসকলে কেতিয়াও মেকআপ লৈ শুৱ নালাগে । মেকআপ গুচাবলৈ কেৱল ক্লিনজাৰ পৰ্যাপ্ত নহয় । ক্লিনজাৰৰ লগতে টোনাৰো ব্যৱহাৰ কৰিব লাগে । টোনাৰে ছালখন সঠিকভাৱে ৰখাত সহায় কৰে । এলকহলমুক্ত টোনাৰ সংবেদনশীল ছালৰ বাবে যথেষ্ট মৃদু আৰু এণ্টিঅক্সিডেণ্ট সমৃদ্ধ হয় ।
৪/ আপোনাৰ ছাল খন যদি বেছি সংবেদনশীল , তেন্তে আপুনি স্কিন বেষ্ট ৰেটিনয়েড প্ৰডাক্ট ব্যৱহাৰ কৰাটো প্ৰয়োজন । ছালৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি এটা চিৰাম বা এটা হাইড্ৰেটিং চিৰামো ব্যৱহাৰ কৰিব পাৰে ।
বি: দ্ৰ : ওপৰোক্ত লিখনীটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । ছালৰ জটিল ৰোগৰ ক্ষেত্ৰত চিকিৎসকৰ পৰামৰ্শ লোৱাটো একান্তই জৰুৰী ।

Exit mobile version