THAILAND : উদ্যোগ মন্ত্রী বিমল বড়াক সাক্ষাৎ থাইলেণ্ডৰ ৰাষ্ট্ৰদূতৰ

WhatsApp Image 2022 09 19 at 19.51.59

THAILAND : থাইলেণ্ডৰ ভাৰতস্হ ৰাষ্ট্ৰদূত পাট্টাৰাত হংটঙে আজি জনতা ভৱনত ৰাজ্যৰ উদ্যোগ ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিস্থান বিভাগৰ মন্ত্রী বিমল বড়াক সাক্ষাৎ কৰে৷ দেশ খনৰ অর্থ নীতি বিভাগৰ সচিব চায়ানীন শ্রী বিশেচ, বৈদেশিক মন্ত্রালয়ৰ এছিয়ান ডিভিজনৰ ডাইৰেক্টৰ ভিপাভি ৰংচিমাপৰ্ণৰ লগতে কেবাগৰাকীও বিষয়া আৰু উদ্যোগীক লগত লৈ কৰা এই সাক্ষাৎ কালত দুয়ো দেশৰ মাজত ব্যৱসায় আৰু বাণিজ্যিক সম্ভাৱনীয়তাৰ সন্দৰ্ভত আলোচনা কৰে।

ADVERTISEMENT

অসমৰ উদ্যোগ বিভাগৰ সচিব ডঃ লক্ষ্মণন এছ, আয়ুক্ত ঐনাম চৰন কুমাৰ সিঙ, বিশিষ্ট উদ্যোগী অভিজিৎ বৰুৱা আৰু উদ্যোগ বিভাগৰ কেবাগৰাকীও বিষয়া থাইলেণ্ডৰ ৰাষ্ট্ৰদূত গৰাকীয়ে মন্ত্রী বড়াক সাক্ষাৎ কৰাৰ সময়ত উপস্থিত আছিল৷ উদ্যোগ বিভাগৰ সচিব লক্ষ্মণনে ৰাষ্ট্ৰদূত গৰাকীৰ লগতে থাইলেণ্ডৰ দলটোক অসমৰ ঔদ্যোগিক ক্ষেত্র খনৰ সন্দৰ্ভত অৱগত কৰে।

বিষয়া গৰাকীয়ে অচিৰেই সম্পূর্ণ হব লগা যোগীঘোপাৰ লজিষ্টিক পাৰ্ক খনৰ লগতে এক্ট ইষ্ট পলিচিয়ে সৃষ্টি কৰা বাণিজ্যিক সুযোগৰ বিষয়েও থাইলেণ্ডৰ দলটোৰ সমুখত ব্যক্ত কৰে।ৰাজ্যৰ উদ্যোগ মন্ত্রী বিমল বড়াই ৰাষ্ট্ৰদূত গৰাকীৰ লগতে প্ৰতিনিধি দলটোক শৰাই, একোটাকৈ গড়ৰ প্ৰতি মূৰ্তি আৰু একোখনকৈ গামোচাৰে সম্ভাষণ জ্ঞাপন কৰে ৷

Exit mobile version