UKRAINE : যুদ্ধৰত ইউক্ৰেইনৰ আকাশত ‘এলিয়েন বাহন ‘ !

সঁচাকৈয়ে এলিয়েন নে , নে এইয়া ৰাছিয়াৰ নতুন ষড়যন্ত্ৰ

WhatsApp Image 2022 09 19 at 19.09.30 1

UKRAINE : যুদ্ধৰত ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আকাশত দেখা যায় বহুতো ইউএফঅ’ । ইয়াককে লে ৰাজধানী চহৰখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ চহৰৰবাসীৰ মন্তব্য এইয়া ৰাছিয়াৰ নতুন কিবা পদক্ষেপৰ অংশ বিশেষ নহয়তো ৷ আনহাতে ইউক্ৰেইনৰ বিজ্ঞানীসকলে এই চকচকীয়া উৰণীয়া বস্তুবোৰ চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই ৷অৱশ্যে এতিয়ালৈকে পোৱা ছবি আৰু ভিডিঅ’বোৰ পৰীক্ষা কৰি আছে।

উল্লেখ্য যে ইউক্ৰেইন আৰু ৰাছিয়াই ফেব্ৰুৱাৰীৰ পৰা যুদ্ধৰত হৈ আছে। যুদ্ধ অব্যাহত থকাৰ মাজতে ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ আকাশত অচিনাক্ত ফ্লাইং অবজেক্ট ইউএফঅ’ দেখা যায় । ইউক্ৰেইনৰ চৰকাৰী বৈজ্ঞানিক প্ৰতিষ্ঠান’ মেইন এষ্ট্ৰোনমিকেল অবজাৰ্ভেটৰী’য়ে সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰিছে ৷ মনকৰিবলগীয়া যে দেশখনৰ মুখ্য বৈজ্ঞানিক প্ৰতিষ্ঠান ‘নেচনেল একাডেমী অফ চাইন্সেছৰ অধীনত কাম কৰে মেইন এষ্ট্ৰোনমিকেল অবজাৰ্ভেটৰী’য়ে।

যেতিয়া দুখন দেশৰ মাজত যুদ্ধত লাগে তেতিয়া উভয় দেশে যুঁজাৰু বিমান, মিছাইল, ৰকেট আৰু ড্ৰোনৰ উজ্জ্বল ছবি তেওঁলোকৰ আকাশত দেখা নিত্যনৈমিত্তিক ঘটনা । কিন্তু ইউক্ৰেইনৰ আকাশত দেখা দিয়া ‘এলিয়েন বাহন’ বোৰ বিজ্ঞানীসকলে চিনাক্ত কৰিব নোৱাৰিলে । আনহাতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চোৰাংচোৱা সংস্থাই কৈছে যে এই ইউএফঅ’বোৰ কোনো ধৰণৰ সামৰিক সঁজুলি হয় নে নহয় সেইয়া পৰীক্ষা কৰি থকা হৈছে বুলি প্ৰকাশ কৰে ৷

 ইউক্ৰেইনৰ জ্যোতিৰ্বিজ্ঞানী সকলে দিনটোত কিয়েভৰ আকাশত প্ৰত্যক্ষ কৰা দ্ৰুত উৰণীয়াবোৰ কম দৃশ্যমান আছিল। এই বস্তুবোৰ কিয়েভৰ চাৰিওফালৰ গাওঁবোৰত দেখা গৈছিল। বিজ্ঞানীসকলে কিয়েভ আৰু তাৰ পৰা ১২০ কিলোমিটাৰ দক্ষিণে ভিনাৰিভকা গাঁৱত দুটা বিশেষ প্ৰকাৰৰ বতৰ বিজ্ঞান কেমেৰা স্থাপন কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে আকাশৰ ওপৰত তীক্ষ্ণ নজৰ দিয়ে । এই ইউএফঅ’বোৰ ছবি এই কেমেৰাবোৰত বন্দী কৰা হয়। কেমেৰাৰ ছবিবোৰ অধ্যয়ন কৰা বিজ্ঞানীসকলে কৈছিল যে এই উৰণীয়া বস্তুবোৰ কোনো প্ৰকাৰে প্ৰাকৃতিক ঘটনা নাছিল।

অধ্যয়নটো পৰিচালনা কৰা দলটোৱে কৈছিল যে আমি এনে বহুতো উৰণীয়া বস্তু দেখিছিলো যাৰ আচৰণ বুজি পোৱা নাছিলো। কিন্তু আমি তেওঁলোকক কিয়েভ আৰু ইয়াৰ চাৰিওফালে সকলো ঠাইতে দেখিছিলো। বিজ্ঞানীসকলে এই ইউএফঅ’বোৰক দুটা শ্ৰেণীত বিভক্ত কৰিছে। প্ৰথম মহাজাগতিক আৰু দ্বিতীয় ফেণ্টম। মহাজাগতিক বস্তুবোৰ হৈছে সেইবোৰ যি আকাশৰ পিছফালে এক উজ্জ্বলতা সৃষ্টি কৰে। বিভিন্ন চৰাই যেনে চুইফ্ট, ফালকন আৰু ঈগলৰ নামেৰে মাতি অনা হয়। ই অকলে উৰে বা দলবদ্ধভাৱে উৰা দেখা যায়৷ ৷ ফেণ্টম হৈছে ইউএফঅ’ যিবোৰ ৰঙত ডাঠ। অৰ্থাৎ আন্ধাৰ। সেইবোৰ সম্পূৰ্ণৰূপে ক’লা দেখা যায়। সিবোৰে ওপৰত পৰা পোহৰ শোষণ কৰে। এইটো বিশ্বাস কৰা হয় যে ফেণ্টমবোৰ ১০ ৰ পৰা ৪০ ফুট বহল। প্ৰতি ঘণ্টাত ৫৩ হাজাৰ কিলোমিটাৰ বেগত উৰা মাৰে।

আনহাতে পৃথিৱীত তৈয়াৰ কৰা বেলিষ্টিক মিছাইলৰ সৰ্বাধিক গতি হৈছে প্ৰতি ঘণ্টাত ২৪ হাজাৰ কিলোমিটাৰ। ইউক্ৰেইনৰ ‘মেইন এষ্ট্ৰোনমিকেল অবজাৰ্ভেটৰী’য়ে এইবোৰ কেনে ধৰণৰ ইউএফঅ’এই পৰ্যন্ত বিচাৰি উলিয়াবলৈ বা সথিক ৰহস্য ভেদ কৰিবলৈ সক্ষম নহ’ল ।

Exit mobile version