আৰু ললিপপ নালাগে ছয় জনগোষ্ঠীক

আলোচনাৰ বাবে চৰকাৰৰ আমন্ত্ৰণ অগ্ৰাহ্য কৰিলে, কেৱল ত্ৰিপাক্ষিক বৈঠকতহে কৰিব যোগদান

floyw18ImOJ3D9b2CzTmzqGPcjA6VVb5md2JWeDR

কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ পাঁচখন ৰাজ্যৰ ১৫টাকৈ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ পাছত দীৰ্ঘদিন জনজাতিকৰণৰ দাবী কৰি অহা অসমৰ ছটাকৈ জনগোষ্ঠী উপেক্ষিত হৈ ক্ষোভত জ্বলি উঠিছে । এই ছয় জনগোষ্ঠীয় সংগঠনসমূহে ধাৰাবাহিক আন্দোলন ঘোষণা কৰাৰ পাছতে অহা ২১ ছেপ্টেম্বৰত আলোচনালৈ আমন্ত্ৰণ জনাইছে ৰাজ্য চৰকাৰে ।

আন্দোলন আৰু আলোচনাৰ মাজেৰে প্ৰায় দুটা দুশক অতিক্ৰম কৰা এই দাবীক বিজেপি চৰকাৰে মান্যতা প্ৰদান কৰিব বুলি গভীৰ বিশ্বাসত লৈ সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ সংগঠনসমূহে আন্দোলন বহু পৰিমাণে স্তিমিত কৰি ৰাখিছিল যদিও শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেট আৰু অসম বিধানসভাৰ শৰৎকালীন অধিবেশনত এই সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা অৱহেলা উন্মোচিত হোৱাৰ পাছতে পুনৰ জাঙুৰ খাই উঠিছে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চ ।

অহা ২২ ছেপ্টেম্বৰৰ পৰা ঐক্যমঞ্চ‌ই ধাৰাবাহিক আন্দোলন ঘোষণা কৰাৰ পাছতে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিবলৈ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অহা ২১ ছেপ্টেম্বৰত আমন্ত্ৰণ জনায় যদিও এই আমন্ত্ৰণ ছয় জনগোষ্ঠী ঐক্যমঞ্চ‌ই অগ্ৰাহ্য কৰিছে বুলি সদৰী কৰে চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালা, মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ আৰু তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁয়ে ।

ছাত্ৰ নেতাত্ৰয়ে কয়, “ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিষয়টো ফুটবলৰ দৰে এখন চৰকাৰে আন এখন চৰকাৰলৈ ঠেলা ঠেলি কৰি আছে । তেওঁলোকক স্পষ্ট কৰি দিওঁ ‌যে এইখন ফুটবল খেল নহয় । দীৰ্ঘদিন ধৰি ছয় জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্যৰ দাবীত শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতিত ভোল গৈ পুনৰ ছয় জনগোষ্ঠী প্ৰতাৰণাৰ সন্মুখীন হ’ল । বহুবাৰ এই বিষয়ত আলোচনাৰ ওপৰত আলোচনা হ’ল, পিছে ই কেৱল ভুৱা প্ৰতিশ্ৰুতিহে যে আছিল সেয়া প্ৰমাণিত হ’ল ।’

উল্লেখ্য যে আন্দোলন ঘোষণাৰ পাছতে পুনৰ চৰকাৰে আলোচনালৈ আমন্ত্ৰণ জনাইছে বুলি সদৰী কৰি ছয় জনগোষ্ঠীৰ নেতৃত্ব‌ই পুনৰ কয়, ‘অতি হাস্যকৰ বিষয় যে ছয় জনগোষ্ঠীয় ঐক্যমঞ্চ‌ই আন্দোলন ঘোষণা কৰাৰ পাছতে অহা ২১ ছেপ্টেম্বৰত আলোচনালৈ আমন্ত্ৰণ জনাইছে ৰাজ্য চৰকাৰে । বৈঠকত মন্ত্ৰীদ্বয় ক্ৰমে ডাঃ ৰণোজ পেগু আৰু পীযুষ হাজৰিকা উপস্থিত স্পষ্ট মত যে এই আলোচনাত আমি অংশগ্ৰহণ নকৰো । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত গঠন হোৱা মন্ত্ৰী গোটে প্ৰতিবেদন শীঘ্ৰে কেন্দ্ৰ‌লৈ প্ৰেৰণ কৰক ।

প্ৰতিবেদন প্ৰেৰণৰ পাছত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ উপস্থিতিত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক । সমাধান সূত্ৰ উলিয়াব নোৱৰা আলোচনাত বহি আৰু ললিপপ বিচৰা নাই ছয় জনগোষ্ঠীৰ ৰাইজে ।’

উল্লেখ্য যে ছয় জনগোষ্ঠী ঐক্যম‌ঞ্চ‌ই ইতিমধ্যে ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰত প্ৰতিবাদী কাৰ্যসূচীৰ লগতে অহা ২৬ ছেপ্টেম্বৰত ২৪ ঘণ্টীয়া অসম বন্ধ সৰ্বাত্মক ৰূপত ৰূপায়ণ কৰিবলৈ তৎপৰতা অব্যাহত ৰাখিছে বুলি কয় ।

Exit mobile version