চাকৰি পৰা নিলম্বন ভিক্টৰ দাসক

কাৰাগাৰৰ পৰা মুক্তি পায়ে দিছিল ফেচবুক পোষ্ট

WhatsApp Image 2022 09 20 at 15.55.40

তৃতীয় বৰ্গৰ নিযুক্তিত কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ দিবলৈ গৈ কাৰাৰুদ্ধ হৈ শেহতীয়াকৈ জামিনত মুকলি আকাশৰ তললৈ অহা ভিক্টৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰে শিক্ষা সঞ্চালকালয়ৰ নিৰ্দেশ অনুযায়ী অসম সেৱা নিয়ম ১৯৬৪ ৰ দফা ৬ৰ (১) আৰু (২)ৰ অধীনত নিলম্বন কৰে কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়াই ৷

ADVERTISEMENT

উল্লেখ্য যে ভিক্টৰ দাস কামৰূপ জিলাৰ অন্তৰ্গত কমলপুৰৰ পানীটেমা ৰাধাকৃষ্ণ মিলন প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ চৰকাৰী চাকৰি মাজতে ভিক্টৰে ফেকাল্টি হিচাপে সমান্তৰালভাৱে নিয়োজিত আছিল বুলি অভিযোগ কৰে শিক্ষা বিভাগে ৷

আনহাতে নিলম্বনৰ পাছতে সামাজিক মাধ্যমত এক পোষ্ট দি কয় , মই শিক্ষাবিদ হ’ব বিচাৰো৷ মই মোৰ শিক্ষাৰ্থী সকলক শেষ উশাহ থকা লৈকে সহায় কৰি যাম’, ভিক্টৰ দাস |

দুনিদ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত ভিক্টৰৰ এয়া প্ৰথমটো পোষ্ট ।

Exit mobile version