ম্যানমাৰৰ বিদ্যালয়ত হেলিকপ্টাৰেৰে সেনাৰ নিৰ্বিচাৰ গুলিচালনা সাত ছাত্ৰসহ ১৩ জন নিহত

WhatsApp Image 2022 09 20 at 15.35.37

প্ৰতিবেশী ৰাষ্ট্ৰ ম্যানমাৰত সেনাৰ ভয়ংকৰ আক্ৰমণ৷ বিদ্যালয় এখনত পাঠদান চলি থকা সময়তে চাৰিখন হেলিকপ্টাৰে চাৰিওপিনৰ পৰা আগুৰি নিৰ্বিচাৰ গুলীচালনা কৰে ৷ ফলত সাতজনকৈ ছাত্ৰসহ ১৩ জন লোক থিতাতে নিহত হয় ৷

ম্যানমাৰৰ দক্ষিণ প্ৰান্তত থকা মান্দালয়ৰ পৰা ডেৰশ কিলোমিটাৰ দূৰত থকা কেন্দ্ৰীয় চাগাইংৰ লেট ইয়েট কোনে গাঁৱত অৰ্তকিতে দুপৰীয়া ভাগত চাৰিখন হেলিকপ্টাৰে আকাশত পাইচাৰি কৰে৷কিছ সময়ৰ পিছতে গাঁওখনৰ এটা বৌদ্ধ মথৰ এখন চৰকাৰী বিদ্যালয়লৈ লক্ষ্য কৰিগুলীচালনা কৰে৷সেই সময়ত বিদ্যালয়খন চলি আছিল পাঠদান ৷

থিতাতে নিহত হয় সাতজনকৈ ছাত্ৰ৷আনহাতে গাঁওখনৰ কেইবা স্থানটো সেনাৰ নিৰ্বিচাৰ গুলীচালনাত নিহত হয় ছয়জনকৈ গঞা ৷ আনহাতে এই ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ ছাত্ৰ-ছাত্ৰীৰ মাজত হুৱাদুৱা লাগে৷বিদ্যালয়ৰ শিক্ষাগুৰু সকলে অতি তৎপৰতাতে আন আন শিক্ষাৰ্থীক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে ৷

উল্লেখ্য যে চাৰিখন এমআই-৩৫ হেলিকপ্টাৰৰ পৰা দুটা মেচিনগানেৰে আক্ৰমণ কৰিছিল।

মনকৰিবলগীয়া যে অঞ্চলটোৰ চৰকাৰবিৰোধী সন্ত্ৰাসবাদী সংগঠন এটাই বাহৰ পাতি থকাৰ সম্ভেদ পাই এই অভিযান চলাইছিল ক’ব বিচাৰে যদিও স্থানীয় গঞাই কয় যে সামৰিক বাহিনীৰ হাতত নিহত হোৱা শিক্ষাৰ্থী সহ তেৰ গঞাৰ মৃতদেহ নিশাই অতি গোপনে ১১ কিলোমিটাৰ দূৰত্বৰ এখন নগৰলৈ লৈ গৈ আৰু সমাধিস্থ কৰিছিল।

আনহাতে, বিদ্যালয়ভৱনত বুলেটৰ ছিদ্ৰ আৰু তেজৰ দাগসহ কি ক্ষতি হোৱা দেখা গৈছিল। চুবুৰীয়া দেশশখনৰ সামৰিক চৰকাৰে শেহতীয়াকৈ চৰকাৰ বিৰোধী আৰু সংবাদ মাধ্যমৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে৷ যাৰবাবে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমালোচিত হৈছে সামৰিক চৰকাৰ খন ৷

Exit mobile version