CHIRANG-BHUTAN LINK ROAD : চিৰাং জিলাৰ ভূটান সংযোগি বিধ্বস্থ এটা ৰাষ্ট্ৰীয় ঘাই পথ

CHIRANG-BHUTAN LINK ROAD : চিৰাং জিলাৰ ভূটান সংযোগি বিধ্বস্থ এটা ৰাষ্ট্ৰীয় ঘাই পথ। ১২৭ চি নম্বৰৰ এই ৰাষ্ট্ৰীয় ঘাইপথচোৱা জিলাখনৰ ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথৰ স্যামথাইবাৰীৰ পৰা ভূটানৰ গেলেফু সংযোগী পথ এয়া। চিদলী বিধান সভা সমষ্টীৰ মুল পথ বুলি কলেও ভূল নহব। জিলাখনৰ বৃহৎ অঞ্চলৰ লোকে যাতায়াত কৰে এই পথেৰে। পথৰ দুৰৱস্থাৰ ফলত বিপদত পৰিবলগীয়া হয় সকলো লোক। বিশেষকৈ এই পথেৰে ৰোগী কঢ়িয়াই নিলে পথতে ৰোগী মৃত্যু হবলগীয়া হয়।

দীৰ্ঘ ৪৫ কিলোমিটাৰৰ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ২৫ কিলোমিটাৰতকৈ অধিক পথৰ এই দুৰৱস্থা। কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰ বা বিটিচি প্ৰশাসন কোনো এটা চৰকাৰেও এই পথৰ উন্নয়ণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ বাবে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ভূটানলৈ অহা যোৱা কৰা প্ৰতিজন লোকে লগতে সীমান্ত বাসীয়ে। আঢ়ৈ বছৰ কাল ভূটান গেট বন্ধ থকাত পথটোৰে যাতায়াত কিছু কম হৈছিল যদিও অহা ২৩ ছেপ্টেম্বৰ ভূটানৰ গেট খুলিলে এই পথেৰে যাতায়াত হব নিতৌ হেজাৰ হেজাৰ লোকৰ। কিন্ত পথচোৱাৰ মেৰামতি বা পুনৰ নিৰ্মানৰ বাবে চৰকাৰে কোনো ব্যৱস্থা নকৰাত চিন্তিত হৈছে সীমান্তবাসী।

Exit mobile version