KOKRAJHAR : কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰীৰ আমিনকাটাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা গছত মুৰাত লাগি সংঘটিত হয় দুৰ্ঘনাটো। AS 19R 2778 নম্বৰৰ ব্যক্তিগত চাৰিচকীয়া বাহনে ভাওৰাগুৰীৰ পৰা ধুবুৰী অভিমুখে গৈ থাকোতে সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাত মেতাবুল মিন ৰাহাত(৩) নামৰ শিশুৰ মৃত্যু। মৃত শিশুটি ভাওৰাগুৰীৰ সমীপবর্তী আহমেদপুৰৰ বাসিন্দা প্ৰয়াত মতিউৰ ৰহমান পুত্ৰ মেতাবুল মিন ৰাহাত বুলি জানিব পৰা গৈছে ।
ADVERTISEMENT
আন দুজন ক্ৰমে আহমেদপুৰৰ মুছতাফা আহমেদ(৩৩) আৰু ৰশ্মি চুলতান (৩০) আঘাতপ্ৰাপ্ত হৈ কোকৰাঝাৰ এম আৰ এম হস্পিতালত চিকিৎসাধীন হৈ আছে। ঘটনাস্থলীত ভাওৰাগুৰী আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ বাহন আৰু মৃতদেহ ভাওৰাগুৰী আৰক্ষী চকীত লৈ আহে ।