NITA AMBANI : নীতা আম্বানীয়ে চাহিদা পূৰণৰ বাবে কোটি কোটি টকাৰে কিনিলে ৰবট !

সৰ্বত্ৰে সমালোচিত

WhatsApp Image 2022 09 20 at 18.59.52

NITA AMBANI : ভাৰত তথা  বিশ্বৰ অন্যতম ধনী ব্যক্তি ৰিলায়েন্স গ্ৰুপৰ মুৰব্বী মুকেশ আম্বানী সম্পদৰ ক্ষেত্ৰত যোৱা কেইটামান দশকত আটাইতকৈ ধনী ব্যক্তি ৰূপে

পৰিচিত । মুকেশ আম্বানীৰে পত্নী নীতা এগৰাকী চৌখিন মহিলা হিচাপে পৰিচিত ৷ তেওঁ ৰিলায়েন্স ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক, ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ সঞ্চালক।
প্ৰকাশিত তথ্য অনুসৰি, মুকেশ আম্বানীৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৮২.৯ বিলিয়ন। উল্লেখ্য যে নীতাই ১৯৮৫ চনত মুকেশ আম্বানীৰ সৈতে ২০ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল। তেতিয়াৰ পৰা নীতা আম্বানীৰ জীৱন সলনি হৈছে। যেতিয়া আম্বানী পৰিয়ালৰ কথা আহে সকলোৰে কল্পনা বিলাসী ঘৰৰ গাড়ী আৰু বিলাসী জীৱনৰ কল্পনালৈ আহে ।
মুকেশ আম্বানীৰ লগতে নীতা আম্বানীয়েও এক বিলাসী জীৱন যাপন কৰে। তেওঁ আম্বানী সাম্ৰাজ্যত ৰাণীৰ দৰে বাস কৰে। এইটো ক’ব পাৰি যে নীতা আম্বানীয়ে ভাৰতৰ আটাইতকৈ বিলাসী জীৱন যাপন কৰা মহিলা। সামাজিক মাধ্যমক চৰ্চিত খবৰ অনুসৰি নীতা আম্বানীয়ে একাপ চাহ খায় , যাৰ মূল্য প্ৰায় ৩০ লাখ টকা। তেওঁৰ ওচৰত পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ভেনিটি বেগ আৰু কাপোৰ আছে । ইয়াৰ উপৰিও অভাৱ নাই বিলাসী গাড়ীৰ ।

কিন্ত শেহতীয়াকৈ এটা বাতৰি প্ৰকাশ হৈছে যে নীতা আম্বানীয়ে এটা ৰবট ক্ৰয় কৰিছে ৷ যি সকলো কাম কৰে। ঠিক ৰজনীকান্ত আৰু ঐশ্বৰ্যৰ চিট্টিৰ দৰে। জানিব পৰা মতে এই ৰবটটোক যি আদেশ দিয়া হয়, ঠিক মানুহৰ দৰে সম্পন্ন কৰে । এই ৰবটটোৰ মূল্য প্ৰায় কেইবা কোটি টকা। নীতা আম্বানীৰ ৰবটৰ ক্ৰয়ৰ বিষয়ে চ’ছিয়েল মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছে । আনহাতে বহুতে সমালোচনা কৰি কয় যে, এইবাৰ নীতা আম্বানীৰ কামৰ বাবে আৰু মানুহৰ প্ৰয়োজন নহ’ব। আনহাতে এই ৰবটটোৰ আগমনৰ পিছৰে পৰা নীতা আম্বানীয়ে ফিটনেছৰ প্ৰতি বিশেষ মনোযোগ দিছে ।

Exit mobile version