RHINO : মালবাহী ট্ৰাকেদি অসমলৈ অনা হয় গঁড় হত্যাৰ লগত জড়িত মাৰাণাস্ত্ৰ

চোৰাং চিকাৰীক অস্ত্ৰয়ে নহয় ব্ৰহ্মপুত্ৰ পাৰ হবলৈ ৰাবাৰ বথ যোগান ধৰে বিহাৰৰ বনিয়াই যি তথ্যই চকু কপালত তুলিছে বন বিভাগৰ

BIHAR : বিহাৰৰ পৰা অহা বণীয়া গোষ্ঠীৰ অৰিহণা গড়ৰ চোৰাং চিকাৰত । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গড় হত্যাৰ বাবে বিহাৰৰ পৰাও অস্ত্ৰ যোগান ধৰাৰ এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে।কেবল অস্ত্ৰই নহয়,চোৰাং চিকাৰীয়ে মহাবাহু ব্ৰম্মপুত্ৰ পাৰ হবলৈ ৰাবাৰ বথ পৰ্যন্ত চোৰাং চিকাৰীক যোগান দিয়ে বিহাৰৰ বনিয়াই।যি তথ্যই এতিয়া চকু কপালত তুলিছে বন বিভাগৰ লগতে সাধাৰণ জনতাৰ। তাতোকৈ উল্লেখনীয় বিষয় যে গড় হত্যা তথা চোৰাং চিকাৰত ব্যৱহৃত মাৰাণাস্ত্ৰ সৰবৰাহ হয় মাল বাহী ট্ৰাকত ।

উল্লেখ যে যোৱা কালি বিশ্বনাথ বন্যপ্ৰাণী বন সংমণ্ডলৰ বিষয়া জতীন্দ্ৰ মোহন দাসৰ নেতৃত্বত যোৱা কালি বিশ্বনাথ নগৰৰ এ এছ টি চি চৌহদৰ এখন গেলামাল দোকানৰ গুদামত এক অভিযান চলিছিল।এই অভিযানত গেলামাল দোকানৰ গুদামৰ পৰা উদ্ধাৰ কৰা হৈছিল দুটাকৈ হস্ত নিৰ্মিত মৰনাস্ত্ৰ।গ্ৰেপ্তাৰ কৰা হৈছিল গুদামৰ মালিক হনুমান পাণ্ডিয়া অাৰু কৰ্মচাৰী পিংকু মণ্ডলক।তাৰ পিছতে বন বিভাগে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্তক সোধা-পোছা কৰাত এতিয়া উদ্ধাৰ হৈছে ন ন বিস্ফোৰক তথ্য। ধৃত পিংকু মণ্ডলৰ স্বীকাৰোক্তিৰ ভিত্তিত বন বিভাগে পুনৰ একেখন গোদামৰ মেনেজাৰ প্ৰদীপ মণ্ডল আৰু আন এখন দোকানৰ কৰ্মচাৰী অশোক মণ্ডলকো গ্ৰেপ্তাৰ কৰিলে বন বিভাগৰ অভিযানকাৰী দলটোয়ে।

ইতিমধ্যে গ্ৰেপ্তাৰ কৰা চাৰিজন লোককে বন বিভাগে কহৰা ৰেঞ্জলে প্ৰেৰণ কৰা হৈছে যদিও এই চাৰিজন লোকৰ পৰা বিশ্বনাথ বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ দলে কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰিছে।বন বিভাগে এই অস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ লগত জড়িত আটাইকেইজন লোকে বিহাৰৰ বাসিন্দা যদিও কৰ্মসূত্ৰে তেওঁলোক বিশ্বনাথত থাকে।কিন্তু চোৰাং চিকাৰীক উক্ত দলটোয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰেবেশ কৰিবলৈ আৰু গড় হত্যা কৰিবলৈ প্ৰয়োজন হোৱা অস্ত্ৰ সস্ত্ৰৰ পৰা সকলো প্ৰয়োজন হোৱা সামগ্ৰী যোগান দি আহিছে এই দলটোয়ে।কেবল অস্ত্ৰ সস্ত্ৰয়ে নহয়,চোৰাং চিকাৰীক গড় হত্যাৰ বাবে প্ৰয়োজন হোৱা টকা পইচা পৰ্যন্ত চোৰাং চিকাৰীক যোগান দিয়া বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ।

এই অবৈধ ব্যবসায়ীৰ লগত বিশ্বনাথৰ আৰু বহু লোক জড়িত থকাৰ কথাও উল্লেক কৰিছে বন বিষয়া গৰাকীয়ে।ইতিমধ্যে সমস্ত ঘটনা সন্দৰ্ভত বিভাগটোয়ে তদন্ত অব্যাহত ৰাখিছে।অতি শীঘ্ৰে আৰু বহু লোক চোৰাং চিকাৰীক এই অবৈধ অস্ত্ৰ সস্ত্ৰ যোগান দিয়া দিয়া অপৰাধত গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।

Exit mobile version