প্ৰধানমন্ত্ৰীৰ পিএম কেয়াৰ্ছৰ ট্ৰাষ্টী হিচাপে মনোনীত উদ্যোগপতি ৰতন টাটা

narendra modi ratan tata compressed

প্ৰধানমন্ত্ৰী পি এম কেয়াৰ্ছৰ নতুন সদস্য হিচাপে মনোনীত কৰা হৈছে দেশৰ অন্যতম উদ্যোগপতি ৰতন টাটাক ।

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰে গঠিত পি এম কেয়াৰ্ছ ব’ৰ্ড অৱ ট্ৰাষ্টীৰ এক বৈঠকত টাটা গোটৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটাক নতুন ষ্ট্ৰাষ্টী হিচাপে মনোনীত কৰে ।

টাটাৰ লগতে আন দুগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে , উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ কে টি থমাছ আৰু প্ৰাক্তন উপাধ্যক্ষ কাৰিয়া মুণ্ডাকো এই ট্ৰাষ্টীৰ বাবে মনোনীত কৰে ।
প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায় আৰু জৰুৰীকালীন পৰিস্থিতিত সকাহ দিয়াৰ উদ্দেশ্যে গঠন কৰা পি এম কেয়াৰ্ছৰ উপদেষ্টা মণ্ডলী গঠনৰ বাবেও তিনি গৰাকী বিশেষ ব্যক্তিৰ নাম মনোনীত কৰিছে ।

এই তালিকাত ভাৰতৰ প্ৰাক্তন নিয়ন্ত্ৰক তথা মহানিৰীক্ষক ৰাজীৱ মহৰ্ষি , ইনফ’ছিছ ফাউণ্ডেশ্যনৰ প্ৰাক্তন অধ্যক্ষ ইণ্ডিকৰ্পছ আৰু পিৰামল ফাউণ্ডেশ্যনৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আনন্দ শ্বাহৰ নাম অন্তৰ্ভুক্ত হৈছে ।

বৈঠকত প্ৰধানমন্ত্ৰী মোডীয়ে এই নতুন ট্ৰাষ্টী সকলৰ অংশগ্ৰহণে পি এম কেয়াৰ্ছৰ কাৰ্যকলাপক এক বহুল পৰিসৰ সৃষ্টি কৰাৰ লগতে ট্ৰাষ্টী আৰু উপদেষ্টাসকলৰ ৰাজহুৱা জীৱনৰ অভিজ্ঞতাই পি এম কেয়াৰ্ছ ফাণ্ডক অধিক লাভাম্বিত কৰিব বুলি উল্লেখ কৰে ।

Exit mobile version