সকলোকে হঁহুৱাই অৱশেষত কন্দুৱাই নীৰৱে গুচি গ’ল কমেডি কিং ৰাজু শ্ৰীবাস্তৱ

Raju Srivastav 231018 108

অৱশেষত দিল্লীৰ এইমছত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা বিশিষ্ট কৌতুক অভিনেতা ৰাজু শ্ৰীবাস্তৱে এই জীৱনৰ পৰা মেলানি মাগিলে । ৫৮ বছৰ বসয়ত মৃত্যু হোৱা অভিনেতা গৰাকী ব্যায়াম কৰি থকা সময়ত হৃদক্ৰিয়া বন্ধ হৈ পৰি মূৰ্ছা গৈছিল । মগজুৰ ৰক্তক্ষৰণ হোৱা শিল্পীজন দীৰ্ঘদিন ধৰি এইমছৰ আই চি ইউত ভৰ্তি হৈ থকাৰ পিছতেই আজি জীৱনৰ ওচৰত হাৰ মানি চিৰবিদায় লয় ।

জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘দ্যা গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ ‘ ৰ যোগেদি দেশজুৰি প্ৰসিদ্ধ হৈ পৰা অভিনেতাজনে এই শ্ব’ৰ যোগেদি ‘দ্যা কিং অৱ কমেডী’ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

ইয়াৰ লগতে বলীউডৰ কেইবাখনো ছবিত অভিনয় কৰি দেশবাসীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা অভিনেতা গৰাকীয়ে চনী টিভিৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটি শ্ব’ বিগ বছ ছীজন থ্ৰীতটো অংশগ্ৰহণ কৰিছিল ।

তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য হিন্দী ছবি হৈছে ‘মেইনে প্যাৰ কিয়্যা’ ,’বাজীগৰ’, ব’ম্বে টু গোৱা’ আদি । ৰাজু শ্ৰীবাস্তৱৰ প্ৰকৃত নাম আছিল সত্য প্ৰকাশ শ্ৰীবাস্তৱ । পিছত পেশাগত কাৰণতে তেওঁ ৰাজু শ্ৰীবাস্তৱ হিচাপে জনাজাত হৈছিল ।

১৯৬৩ৰ ২৫ ডিচেম্বৰ উত্তৰ প্ৰদেশৰ কাণপুৰত জন্মগ্ৰহণ কৰা ৰাজুয়ে ‘দ্যা গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জ‘ত দ্বিতীয় ৰানাৰ আপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল । পিছত তেওঁ ‘ কমেডি কা মহা মুকাৱালা’ শ্ব’টো অংশগ্ৰহণ কৰিছিল ।

আজি অভিনেতাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই সমগ্ৰ দেশৰ লগতে বলীউডত শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত তেওঁ পত্নী শিখা শ্ৰীবাস্তৱ, দুই সন্তান আয়ুষ্মান শ্ৰীবাস্তৱ আৰু অন্তৰাক এই সংসাৰত এৰি থৈ গৈছে ।

Exit mobile version