ৰাজনৈতিক স্বার্থত কুছিয়াৰাৰ জলবন্টন কৰা হৈছে : বৰাক ডেম’ক্রেটিক ফ্রন্ট

download 1

ৰাজনৈতিক স্বার্থত কুছিয়াৰাৰ জলবন্টন কৰা হৈছে – জলবন্টন চুক্তিৰ বিশদ প্রকাশসহ বৰাকত ইয়াৰ সম্ভাব্য প্রভাৱ সন্দৰ্ভত শীঘ্ৰে কেন্দ্রীয় পৰিৱেশ মন্ত্রণালয়ৰ সমীক্ষা প্ৰতিবেদন প্রকাশ কৰিব লাগিব – বৰাক ডেম’ক্রেটিক ফ্রন্ট ।

বৰাকৰ জনগন তথা নির্বাচিত সাংসদ বিধায়কসকলক সম্পূৰ্ণ অন্ধকাৰত ৰাখি যোৱা ছয় ছেপ্টেম্বৰত নতুন দিল্লীত বাংলাদেশৰ প্রধানমন্ত্রী শেখ হাছিনাৰ উপস্থিতিত ভাৰত আৰু বাংলাদেশৰ মাজত কুছিয়াৰা জলবন্টন চুক্তি স্বাক্ষৰিত হৈছে । অথচ এই চুক্তিত কি আছে আৰু বৰাক উপত্যকাত ইয়াৰ কি প্রভাৱ পৰিব পাৰে এই সন্দৰ্ভত আজি আশ্চর্যজনকভাৱে নীৰশ সমস্ত ৰাজনৈতিক দলসহ বুদ্ধিজীৱী মহল ।

ইয়াৰ পৰিপ্রেক্ষিতত এই চুক্তিৰ বিশদ জনসমক্ষত প্রকাশসহ কেন্দ্রীয় বিশেষজ্ঞ দলেৰে বৰাকত জলবন্টনৰ সম্ভাব্য প্রভাৱ সন্দৰ্ভত সমীক্ষা কৰাব লাগিব বুলি দাবী জনালে বৰাক ডেম’ক্ৰেটিক ফ্রন্টে ।

প্রদীপ দত্তৰায়ে কয় যে এখন নদীৰ স’তে জনজীৱনসহ এটা অঞ্চলেৰ সামগ্রিক পৰিৱেশ অংগাঅংগিভাৱে জড়িত । সেই ক্ষেত্রত কৃত্রিম উপায়েৰে সংশোধিত কৰিলে তাৰ সুদূৰপ্রসাৰী প্রভাৱ পৰিব পাৰে । তেওঁ লগতে কয় যে সেইবাবেই এই ধৰণৰ চুক্তি সম্পাদন কৰাৰ পূৰ্বে ইয়াৰ সম্ভাব্য প্রভাৱ সম্পৰ্কত সমীক্ষা আৰু স্থানীয় জনগণৰ স’তে আলোচনা কৰা অত্যন্ত প্ৰয়োজনীয় । কিন্তু এই ক্ষেত্রত একো কৰা হোৱা নাই । এনেকি স্থানীয় জনপ্রতিনিধিসলকো এই বিষয়ত একো জনোৱা হোৱা নাই ।

প্রদীপ বাবুৱে কয়, মুখ্যমন্ত্রীকো জনোৱা হৈছে নে নাই তাতো তেওঁৰ সন্দেহ আছে । তেওঁ কয় পুনৰ প্রমাণিত হল যে এই উপত্যাকাৰ জনগন জীয়ক বা মৰক বিজেপি চৰকাৰৰ কোনো কাণসাৰ নাই ।

এই প্রসংগত বিডিএফ মুখ্য আহ্বায়কে কয় যে ৰাজ্য চৰকাৰৰ অনুমোদন নোহোৱাকৈ যে এনে ধৰণৰ কোনো চুক্তি হ’ব নোৱাৰে তাৰ প্রমাণ তিস্তাৰ জলবন্টন স্থগিত হৈ আছে কেৱল পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ৰ আপত্তিত । তেওঁ আৰু কয় যে যিহেতু বাংলাদেশত নির্বাচন সমাগত আৰু তিস্তাৰ পানী আনিবলৈ ব্যর্থ হোৱাত শেখ হাছিনাই সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে, সেয়ে শীঘ্ৰে এই চুক্তি স্বাক্ষৰ কৰি বাংলাদেশৰ প্রধানমন্ত্রীয়ে তেওঁৰ ৰাজনৈতিক সুবিধা লৈছিল । কিন্তু ফলত বৰাকৰ স্বার্থ ৰক্ষিত হ’ল নে নাই তাক লৈ কাৰো চিন্তা নাই । সেয়ে বিডিএফে এই বিষয়ত শীঘ্ৰে মুখ্যমন্ত্রী হিমন্ত বিশ্বশর্মাৰ স্পষ্টীকৰণৰ দাবী জনাইছে ।

বিডিএফ মুখ্য আহ্বায়কে কয় যে শুনিবলৈ পোৱা গৈছে এই চুক্তিৰ ফলত বাংলাদেশ চৰকাৰে গ্ৰীষ্ম কালত কুছিয়াৰাৰ বাংলাদেশৰ অংশৰ পৰা পাম্পৰ সহায়ত প্রতি ছেকেণ্ডত ১৫৩ কিউছেক মিটাৰ পানী উত্তোলন কৰাৰ পৰিকল্পনা কৰিছে । এই পানী বিভিন্ন খালৰ মাধ্যমত ইয়াৰ পৰা প্রায় ১০০০০ হেক্টৰ ভূমিত কৃষিকাৰ্যত ব্যৱহাৰ কৰা হ’ব ফলত প্রায় এক লাখ কৃষিজীৱী উপকৃত হ’ব ।

ইয়াৰ পূৰ্বে এই উদ্দেশ্যত ৰহিমপুৰচ কুছিয়াৰাৰ পৰা যি কৃত্রিম খাল নির্মাণ কৰা হৈছিল, কুছিয়াৰাৰ নদীবক্ষ উত্তল হৈ যোৱাত বহু দিন ধৰি এই খালেৰে পানী প্রবাহিত হোৱা নাই । ফলত ছিলেট আৰু বিয়ানীবজাৰ উপজিলাৰ এটা বিস্তীর্ণ অঞ্চলৰ কৃষিজাত উৎপাদনত পানীৰ অভাৱ হ’ব ।

প্রদীপ বাবুৱে কয় যে গ্ৰীষ্ম কালত এনেদৰে কৃত্রিম উপায়েৰে পানী টানি নিলে ইয়াৰ প্রভাৱ বৰাক নদীসহ ইয়াৰ বিভিন্ন শাখানদী আৰু খাল-বিলৰ ওপৰত পৰিব । শীতৰ কালত এইসমূহ শুকাই যাব পাৰে । ইয়াৰ ফলত বৰাকৰ অন্যতম কৃষিজাত উৎপাদ ধান আৰু ছুপাৰি দুটাই ব্যাহত হ’ব । তদুপৰি বৰাকৰ সামগ্রিক জলবায়ুৰ ওপৰত ইয়াৰ প্রভাৱ পৰিব বুলি তেওঁ মন্তব্য কৰে ।

প্রদীপ বাবুৱে কয় যে সেয়ে তেওঁ কেন্দ্রীয় চৰকাৰ তথা প্রধানমন্ত্রীক দাবী জনাইছে যে শীঘ্ৰে এই চুক্তিৰ বিশদ বৰাকবাসীক জনাব লাগিব আৰু কেন্দ্রীয় পৰিৱেশ মন্ত্রণালয়ৰ এটা বিশেষজ্ঞ দল প্ৰেৰণ কৰি বৰাক উপত্যকাৰ ওপৰত এই চুক্তিৰ বাবে কি কি প্রভাৱ পৰাব পাৰে তাৰ সমীক্ষা কৰি সেই প্ৰতিবেদন আৰু মত শীঘ্রে জনসমক্ষত প্রকাশ কৰিব লাগিব । কাৰণ যদি ইয়াৰ ফলত বৰাকৰ কৃষিজীৱীসহ সাধাৰণ জনতাৰ কোনো ক্ষতি হয় তেন্তে তাৰ বাবে উপযুক্ত ক্ষতিপূৰণো দিব লাগিব কেন্দ্রীয় চৰকাৰে । তেওঁ কয় ইয়াৰ বাহিৰে তেওঁলোকে কোনো কাৰণতে এই চুক্তি মানি নলয় ।

Exit mobile version