CHAYGAON : ছয়গাঁৱৰ বনগাঁও শান্তি নিজৰা ক্লাৱত উদ্যামিতা মেলা, ২০২২

WhatsApp Image 2022 09 21 at 16.07.11

CHAYGAON : কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ছয়গাঁও আৰু বনগাঁৱৰ উদ্যমী মহিলাসকলৰ লগতে বিভিন্ন বেচৰকাৰী সংস্থা, আত্মসহায়ক গোটসমূহ একগোট হৈ একক ব্যৱস্থা গঢ়ি তোলাৰ বাবে উদ্যমিতা মেলা ২০২২ৰ আয়োজন কৰা হৈছে । মেলাত প্ৰজেক্ট প্ৰগতিক তামোল গছৰ পাতৰ পৰা প্লেট নিৰ্মাণ উন্নয়ন উদ্যোগ কাৰ্যত : ৰূপায়ন হোৱা বুলি উল্লেখ কৰে ।

উদ্যমিতা মেলাত প্ৰজেক্ট প্ৰগতিৰ স’তে চাৰি বছৰে জড়িত থকা মহিলা উদ্যমীসকলক সন্মানিত কৰা হয় । একেদৰে মেলাত ২৮টাকৈ বিপনীত মহিলা উদ্যমীসকলে জৈৱিক পদ্ধতিত কৰা শাক-পাচলি, লাৰু-পিঠা, হাতে বোৱা বস্ত্ৰ আদি প্ৰদৰ্শন কৰে । উদ্যামিতা মেলা ২০২২ৰ জৰিয়তে গ্ৰাম্য মহিলাসকলক উদ্যোগৰ প্ৰতি প্ৰেৰণা যোগাব বুলি দৃঢ় বিশ্বাস ধৃতি আৰু ইণ্টাৰগ্ল’ব‌ ফাউণ্ডেছনৰ ।

Exit mobile version