CM invitation boycott six community : ছয় জনগোষ্ঠীৰ নেতৃবৰ্গক আলোচনাৰ বাবে মুখ্যমন্ত্ৰীয়ে জনোৱা আমন্ত্ৰণ প্ৰত্যাখ্যান নেতৃবৰ্গৰ

অসম চৰকাৰ সৈতে নহ'ব ,হ'ব দিল্লীৰ স'তে

WhatsApp Image 2022 09 21 at 20.05.45

কেন্দ্ৰীয় কেবিনেটে তিনিখন ৰাজ্যৰ ১৫ জনগোষ্ঠীক জনজাতিকৰণত অনুমোদন জনোৱাৰ পিছতে অসমৰ ছয় জনগোষ্ঠীয় যৌথ সমিতি ক্ষোভিত হৈ পৰে৷অসমৰ ছটা জনগোষ্ঠীক পুনৰ বঞ্চিত কৰাক লৈ যৌথ কমিটিয়ে বৃহস্পতিবাৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী ঘোষনাৰ পিছতে থৰকাছুটি হেৰায় ৰাজ্য চৰকাৰৰ৷ইতিমধ্যে জনগোষ্ঠীয় নেতৃবৰ্গক মন্ত্ৰী পৰ্যায়ত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল যদিও নেতৃবৰ্গই একেমুখে প্ৰত্যাখ্যান কৰে ৷

ছয় গোষ্ঠীয় নেতৃবৰ্গই এই স্থিতিক গুৰুত্বসহকাৰে লৈ যেনেতেনে সৈমান কৰাবলৈ আহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখে ৷ আনকি মুখ্যমন্ত্ৰী গৰাকী দিল্লীৰ পৰা গুৱাহাটীলৈ উভতে ৷ উল্লেখ্য যোৱাকালি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পৰ্যায়ত আলোচনাৰ বাবে আমন্ত্ৰণ কৰে ৷ কিন্তু আজি মাজনিশা মুখ্যমন্ত্ৰীৰে হ’ব লগা বৈঠক বৰ্জন ঘোষণা কৰে ছয় জনগোষ্ঠীয় যৌথ সমিতিৰ হৈ আটছাৰ সভাপতি ধীৰাজ গোৱালা আৰু আটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোঁহাই-এ ৷

আনহাতে, বৃহস্পতিবাবে ছয় জনগোষ্ঠী যৌথ সমিতিয়ে দিছপুৰ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ প্ৰশাসনে দিছপুৰ সচিবালয় আৰু বিধায়ক আবাসৰ সমগ্ৰ অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷ আজি পুৱাৰে পৰা দিছপুৰ ৰাজধানী চৌহদত আৰক্ষী,অসম বেটেলিয়ন আৰু চিআৰ পি এফ মোতায়েন কৰা পৰিলক্ষিত হয় ৷ এফালে ছয় জনগোষ্ঠীৰ দিছপুৰ ঘেৰাওৰ হুংকাৰ৷আনফালে চৰকাৰী পক্ষৰ আন্দোলনকাৰীক সৈমানেৰে বিষয়টো আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত বদ্ধপৰিকৰ ৷

উল্লেখ্য যে ছয় জনগোষ্ঠী যৌথ সমিতিৰ স্পষ্ট মত এতিয়াৰ পৰা আলোচনা অসম চৰকাৰৰ সৈতে নহয় ৷ হ’ব দিল্লীৰ স’তে ৷ দিল্লীয়ে ছয় জনগোষ্ঠীক জনজাতিকৰণত অনুমোদন জনাবই লাগিব বুলি হুংকাৰ দিয়ে নেতৃবৰ্গই ৷

Exit mobile version