GOLD SEIZED : দেশৰ তিনি ভিন্ন স্থানৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ

WhatsApp Image 2022 09 21 at 19.55.48

GOLD SEIZED : বুধবাৰে ডি আৰ আইৰ অভিযানত দেশৰ অন্যতম তিনি স্থান ক্ৰমে মুম্বাই, পাটনা আৰু দিল্লীৰ পৰা বৃহৎ পৰিমাণৰ সোণ জব্দ কৰিবলৈ সক্ষম হয় ।
জানিব পৰা মতে , এই জব্দকৃত চোৰাং সোণখিনিৰ পৰিমাণ হ’ব মুঠ ৬৫-৪৬ কেজি ।

উল্লেখযোগ্য যে , চোৰাংচোৱা সংস্থাটোৱে প্ৰায় ৩৩-৪০ কোটি টকাৰ ৩৯৪ খন বিদেশী মূল্যৰ সোণৰ বিস্কুটো জব্দ কৰে । চোৰাংচোৱা সংস্থা ডি আৰ আই –এ প্ৰকাশ কৰা মতে , এই চোৰাং সোণখিনি উত্তৰ –পূৱৰ চুবুৰীয়া দেশসমূহৰ পৰা সৰবৰাহ কৰা হৈছিল । এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰাৰ পিছত ইতিমধ্যে ডি আৰ আই -এ কেইবাজনো লোকক আটক কৰিবলৈ সক্ষম হৈছে । বৰ্তমান জব্দকৃত সোণৰ সন্দৰ্ভত ডি আৰ আই -এ তদন্ত অব্যাহত ৰাখিছে ।

Exit mobile version