Rekha Mishra : ১৪০০-ৰো অধিক সন্ধানহীন শিশু উদ্ধাৰ, ৰাষ্ট্রপতি পুৰস্কাৰৰ অর্থও দান কৰিছে আৰক্ষী বিষয়াগৰাকীয়ে

4kdubgto policewoman rekha

আঠ বছৰ আৰক্ষীৰ চাকৰি । এই স্বল্প সময়তেই ১,৪০০ৰো অধিক সন্ধানহীন শিশু, কিশোৰ-কিশোৰীক উদ্ধাৰ কৰিছে । কর্মক্ষেত্রত তেওঁৰ দক্ষতাক কুর্নিশ জনাইছে ভাৰত চৰকাৰেও । এই কাৰ্যৰ বাবে তেওঁ ৰাষ্ট্রপতি পুৰস্কাৰো লাভ কৰিছে । অৱশ্যে সেই সন্মানৰ স’তে প্রাপ্ত অর্থ অর্থাৎ এক লাখ টকা অক্লেশে দান কৰিছে ৰেখা মিশ্র‌ই ।

নিজৰ কাৰ্যৰ বাবে প্রায়েই শিৰোনামত থাকে ৰেল আৰক্ষী (চিআৰপিএফ) বিষয়া ৰেখা । সৰুকালৰ পৰাই তেওঁৰ আৰক্ষী বা সেনাবাহিনীত যোগদান কৰাৰ দুৰ্বাৰ হেঁপাহ আছিল । পিতৃয়ে ভাৰতীয় সেনাবাহিনীত কাম কৰিছিল । ককা আছিল স্বাধীনতা সংগ্রামী । ৰেখাই কয়, ‘‘জনসেৱা কৰাটো মোৰ তেজতেই আছে । সৰুৰ পৰাই স্থিৰ কৰিছিলো যে ম‌ই আৰক্ষীয়ে হ’ম ।’’

মুম্বাই ৰেল আৰক্ষীত কর্মৰত হ’লেও তেওঁ উত্তৰ প্রদেশৰ কানিজা গাঁৱৰ বাসিন্দা । ৰেখাই জনাইছে, সৰুৰ পৰাই নানা খেলা-ধূলাত উৎসাহ আছিল তেওঁৰ । জনসমক্ষত ভাল বক্তৃতাও দিছিল । বিদ্যালয়ৰ পঢ়া-শুনা শেষ কৰি অৱশ্যে তেওঁ বিএড ডিগ্রী লাভ কৰে । ইয়াৰ পাছতে ইংৰাজী সাহিত্যত স্নাতকোত্তৰ কৰে ।

বিএড ডিগ্রী লাভৰ পাছত অৱশ্যে ৰেখাই শিক্ষকতা নকৰিলে । বৰঞ্চ আৰক্ষীত যোগদান কৰাৰ চেষ্টা আৰম্ভ কৰে । তেওঁ কয়, ‘‘দেউতা-ককাক দেখিয়ে আৰক্ষীত কাম কৰিবলৈ অনুপ্রাণিত হৈছো । ডাঙৰ হ’লে যে ম‌ই আৰক্ষীৰ চাকৰি কৰিম, সেয়াও ঠিৰাং কৰি লৈছিলো ।’’

ৰেখাই জনাইছে, অন্যক সহায় কৰাৰ শিক্ষা পৰিয়ালৰ পৰাই পাইছো । তেওঁ কয়, ‘‘আমাক এনেকোৱা এটা বৃত্তি বাছি ল’বলৈ কোৱা হৈছিল, যাৰ মাধ্যমত দেশ আৰু মানুহক সেৱা কৰিব পাৰি ।’’

সৰুৰ পৰাই কঠোৰ অনুশাসনত ডাঙৰ হৈছে ৰাখা । তেওঁ কয়, ‘‘সৰুৰ পৰাই আমাক পুৱতি নিশাই শুলাৰ পৰা জগাই দিছিল । তাৰ পাছত ব্যায়াম আৰম্ভ ।’’ আৰক্ষী চাকৰিৰ পৰীক্ষাত ঊত্তীৰ্ণ হোৱা দিনটো তেওঁ আজিও পাহৰা নাই ।

ৰেখাই কয়, ‘‘যিদিনাখন আৰক্ষী চাকৰিৰ পৰীক্ষাত ঊত্তীৰ্ণ হোৱাৰ খবৰ পালো, সেই দিনাই মোক ছেল্যুট কৰিছিল দেউতাই । কৈছিল, প্রশংসা পাবৰ বাবে কাম নকৰিবা । বৰঞ্চ কোনো এটা উদ্দেশ্যৰে কাম কৰি যোৱা । ’’ পিতৃৰ সেই কথা আজিও মনত ৰাখিছে ৰেখাই ।

ৰেখাৰ জন্ম ১৯৮৬ত । ৰেখাই জনাইছে, আৰক্ষী চাকৰিৰ পৰীক্ষাত ঊত্তীৰ্ণ হোৱাৰ পাছত তেওঁ মুম্বাই ৰেল আৰক্ষী উপ-পৰিদৰ্শকৰ কামত যোগ দিয়ে । সেইটো আছিল ২০১৪ত ।

উপ-পৰিদৰ্শক হিচাপে ৰেখাৰ প্রথম দায়িত্ব আছিল মুম্বাইৰ ছত্রপতি শিৱাজি মহাৰাজ টার্মিনাছত । শিশু, কিশোৰ-কিশোৰী সৰবৰাহ ৰোধ কৰাৰ লগতে তেওঁলোকক উদ্ধাৰ কৰাই দায়িত্ব আছিল তেওঁৰ ।

ৰেখাৰ সহকর্মীসকলৰ মতে, সৰু ল’ৰা-ছোৱালীবোৰ যে বিপদত পৰিছে, সেয়া সহজেই ধৰিব পাৰিছিল ৰেখাই । এই বিষয়ত তেওঁৰ দক্ষতা প্রশ্নাতীত । মুম্বাই চিএছটিৰ দৰে ষ্টেছনৰ ভিৰভাৰত কেনেদৰে বুজি পাইছিল যে কোন ল’ৰা-ছোৱালীয়ে ঘৰ এৰি পলাইছে অথবা তেওঁলোকৰ অপৰহণ কৰা হৈছে নেকি ? সংবাদমাধ্যমৰ এই প্রশ্নৰ উত্তৰত ৰেখাই কয়, ‘‘আমি এনেকোৱা ল’ৰা-ছোৱালীক বিচাৰো, যিসকলক দেখি লাগে তেওঁলোক হেৰাই গৈছে । ক’ত যাব, সেয়া বুজিব নোৱাৰি । আমাক সেই প্ৰশিক্ষণেই দিয়া হৈছে ।’’

আঠ বছৰৰ আৰক্ষীৰ চাকৰিৰ পাছত ৰেখাৰ দৃষ্টিও অভিজ্ঞ হৈ উঠিছে । তেওঁ কয়, ‘‘দাৰিদ্র্যৰ জ্বালাত বহু ল’ৰা-ছোৱালীয়ে ঘৰ এৰি কামৰ সন্ধানত মুম্বাইত পলাই আহে । অনেকে আকৌ পিতৃ-মাতৃৰ স’তে কাজিয়া কৰি ঘৰ এৰি আহে । এনে ধৰণৰ আঠৰ পৰা ১২ বছৰৰ ল’ৰা-ছোৱালীয়ে অধিক । কোনো কোনো আকৌ মাদক আসক্ত । কোনো আকৌ ফেচবুকত কাৰোবাৰ লগত আলাপ-পৰিচয়ৰ পাছত ইয়ালৈ গুচি আহে । বলিউডৰ তাৰকাসকলৰ টানতো অনেকে এই চহৰত ভৰি দিয়ে ।’’

আৰক্ষী চাকৰিত নিজৰ অভিজ্ঞতাৰ কথাও জনাইছে ৰেখাই । তেওঁ কয়, ‘‘এবাৰ এজনী ১৬ বছৰৰ কিশোৰীক উদ্ধাৰ কৰিছিলো । তাই ঘৰ এৰি মুম্বাইত পলাই আহিছিল । তাইক দেখিয়ে বুজি পাইছিলো, আনমনা । আমি তাইৰ পিতৃ-মাতৃক খবৰ দিলো । ছোৱালীজনীৰ পিতৃ-মাতৃ অহাৰ পাছত গম পালো, তাই অন্তঃসত্ত্বা ।’’

নিজৰ বৃত্তিত প্রতি দিনে বিচিত্র ঘটনাৰ সাক্ষী হয় ৰেখা । তেওঁ কয়, ‘‘আৰু এবাৰ গোৱাৰ পৰা অহা ৪৫ বছৰৰ এজন অপহৰণকাৰীক ধৰিছিলো । তেওঁৰ স’তে এজনী ১৫ বছৰীয়া ছোৱালী আছিল । গোৱা আৰক্ষীয়ে দুয়োজনৰ ছবি প্ৰেৰণ কৰিছিল । মুম্বাই ষ্টেছনত ভৰি ৰখামাত্রেই ছোৱালীজনী দৃষ্টিত পৰে । লগে লগে মোৰ দলে অপহৰণকাৰীজনক ধৰা পেলায় । ছোৱালীজনীক বিয়া কৰাবৰ বাবে তাইৰ ওপৰত যৌন নির্যাতন কৰিছিল লোকজনে ।’’

৩৬ বছৰীয়া ৰেখাই জনায়, কামৰ চাপত নিজৰ ঘৰ-সংসাৰত মন দিব নোৱাৰিলেও পৰিয়ালৰ সকলোৱে তেওঁক সহযোগ কৰিছিল । তেওঁ কয়, ‘‘মোৰ পিতৃ-মাতৃয়েমোক উৎসাহ দিছে । এতিয়া শহুৰৰ ঘৰতো সম্পূৰ্ণ সহযোগিতা পাইছো । যদিও আত্মীয়স্বজনে প্রশ্ন কৰে, ‘আৰু কেতিয়া মা হ’ব ?’ ’’

নিজৰ কামক লৈয়েই ব্যস্ত থাকে ৰেখা । তেওঁ কয়, ‘‘প্রতি দিনে ১০-১২ ঘণ্টা কাম কৰিবলগীয়া হয় । অৱশ্যে ম‌ই এই কাম কৰি ভাল পাওঁ । আৰক্ষী বিষয়া হিচাপে গর্বও কৰে । কেৱল সন্তানধাৰণ কৰাই নাৰীৰ একমাত্র কাম নহয় ! দেশৰ বাবে অবিৰত কাম কৰাই মোৰ লক্ষ্য ।’’ মুম্বাইৰ এটা সংবাদপত্রৰ প্ৰতিবেদনত প্ৰকাশিত, এবছৰত ৪৩৪টি শিশুক উদ্ধাৰ কৰিছে তেওঁ ।

ৰেখাই তেওঁৰ নিষ্ঠাৰ বাবে পুৰস্কাৰো লাভ কৰিছে । ২০১৮ত আন্তর্জাতিক নাৰী দিৱসত নাৰী শক্তি পুৰস্কাৰেৰে তেওঁক বিভূষিত কৰে ভাৰত চৰকাৰে । তৎকালীন ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে তেওঁক সেই পুৰস্কাৰ প্ৰদান কৰে । অৱশ্যে পুৰস্কাৰৰ স’তে প্রাপ্ত অর্থ ৰেখাই দান কৰিছে ‘চাইণ্ডলাইন’ নামে এটা স্বেচ্ছাসেৱী সংস্থাক । যিয়ে উদ্ধাৰ হোৱা শিশুসকলৰ পুনর্বাসনৰ কাম কৰে । ৰেখাৰ দাবী, পুৰস্কাৰৰ অর্থ এই শিশুসকলক প্রয়োজন, তেওঁক নহয় ।

Exit mobile version