RONGHAR : ৰংঘৰৰ উন্নয়নৰ বাবে দিল্লীত মুখ্যমন্ত্ৰীক সাক্ষাৎ অখিল গগৈৰ

WhatsApp Image 2022 09 21 at 15.06.14

DELHI : দিল্লীত বাহৰ পাতি থকা শিৱসাগৰৰ বিধায়ক অখিল গগৈয় আজি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক দিল্লীত সৌজন্যতামুলক সাক্ষাৎ কৰে ৷ ঐতিহ্যমণ্ডিত ৰংঘৰৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ এক আলোচনাত মিলিত হয় ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী শৰ্মা যোৱাকালি দিল্লীত উপস্থিত হৈছিল ৷ আনহাতে একেদিনাই দিল্লীৰ অসম ভৱনত বাহৰ পাতি আছিল ৰাইজৰ দলৰ মুৰব্বী গৰাকী ৷

মুখ্যমন্ত্ৰীক সাক্ষা কৰা সন্দৰ্ভত শিৱসাগৰৰ বিধায়ক গৰাকীয়ে কয়, “আমি কিছু সময় অসমৰ শৈক্ষিক মাধ্যমৰ বিষয়ে কথা পাতিছিলো। মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ ওপৰত তেওঁৰ মতামত প্ৰকাশ কৰিছিল। প্ৰাক্তন সাংসদ ৰমেন ডেকাও উপস্থিত আছিল আলোচনা সময়ত ।”

ইয়াৰ উপৰিও বিধায়কগৰাকীয়ে কয়, মুখ্যমন্ত্ৰীয়ে আজি শিৱসাগৰৰ উন্নয়নৰ সম্পৰ্কীয় বিভিন্ন বিষয়ত অনুমোদন জনায়। একেদৰে গড়গাঁওক ৰাজ্যিক ঐতিহ্যক্ষেত্ৰ হিচাপে নতুন ৰূপ দিয়াৰ বাবে প্ৰাৰম্ভিক পৰ্যায়ত ১ কোটি টকাৰ পুঁজি অনুমোদন কৰে। উল্লেখ্য যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ উন্নয়নৰ বাবে বিশেষ পদক্ষেপ লোৱাৰ আশ্বাস দিছিল ৷

আনহাতে  ৰংঘৰৰ বাকৰিত লাইট এণ্ড চাউণ্ড শ্ব’ক নতুন মাত্ৰা দিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাই অখিল গগৈয়ে কয়, “মুখ্যমন্ত্ৰীয়ে তেওঁক প্ৰতিশ্ৰুতি দিয়ে যে শিৱসাগৰ কলেজক বিশ্ববিদ্যালযলৈ উন্নীত কৰা হ’ব অহা বৰ্ষৰ এপ্ৰিল মাহত ৷ আনহাতে থাউৰা সমষ্টিত হ’বলগীয়া শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ শিৱসাগৰ থাউৰা সংযোগী পথত নিৰ্মাণ কৰ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে অৱগত কৰে শিৱসাগৰৰ বিধায়ক গৰাকীক ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ বাবে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ জনায় ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ৷

Exit mobile version