ROSOGOLLA : ৯৯ % মানুহে হয়তো নাজানে ৰসগোল্লাৰ ইংৰাজী অৰ্থ কি ?

WhatsApp Image 2022 09 21 at 19.24.45

ROSOGOLLA : বাংলাৰ এই ৰসগোল্লা কেৱল ভাৰতবৰ্ষতেই নহয় বিদেশৰো বহু ঠাইত অতিকৈ জনপ্ৰিয় । বেঙ্গলী সমাজ জীৱনত এই মিঠা ৰসগোল্লা এক অপৰিহাৰ্য অংশ । বছৰ বছৰ ধৰি বেঙ্গলী সম্প্ৰদায়ত ৰসগোল্লাই নিজৰ স্থান ধৰি ৰাখিছে । উল্লেখযোগ্য যে , এই মিঠা ৰসগোল্লাক লৈ দুখন ৰাজ্য ক্ৰমে উৰিষ্যা আৰু পশ্চিমবংগৰ মাজত বিবাদো হোৱা পৰিলক্ষিত হৈছিল । দুয়োখন ৰাজ্যৰ মানুহে দাবী কৰিছিল যে এই মিষ্টিৰ প্ৰথম আৰম্ভণি তেওঁলোকৰ ৰাজ্যত হৈছিল ।

কিন্তু বৰ্তমান এই বিবাদ অন্ত পৰিছে । যিহেতু ৰসগোল্লা বুলিলেই পশ্চিমবংগৰ নামেই সাঙোৰ খাই পৰিছে । আনকি টলীউড ফিল্ম ইণ্ডাষ্ট্ৰিত ৰসগোল্লাক লৈ ছবিও নিৰ্মাণ হৈছে । বেঙ্গলী সকলৰ সকলো ধৰণৰ কাৰ্যসূচীতে ৰসগোল্লা জড়িত হৈ আছে । বেঙ্গলী সমাজত আনন্দ-বিষাদ সকলো মুহুৰ্তত ৰসগোল্লাই মুখ মিঠা কৰে । এই ৰসগোল্লা সাধাৰণতে বগা ৰঙৰ তৈয়াৰী কৰা হয় যদিও আজিকালি বিভিন্ন ৰঙৰ ৰসগোল্লা উপলব্ধ হোৱা দেখা যায় ।

অকৃত্ৰিম ৰূপত জড়িত বেঙ্গলী সমাজৰ এই ৰসগোল্লাৰ ইংৰাজী নাম যদি আমি কাৰোবাক সোধো তেতিয়া হয়তো সকলোৱেই একেষাৰে উত্তৰ দিব ‘ৰসগোল্লা’ । মূলতে মিষ্টিৰ এটা নিৰ্দিষ্ট ইংৰাজী নাম আছে । ইয়াৰ সঠিক ইংৰাজী নাম হৈছে ‘ সিৰাপ ফিলড ৰোল ।

Exit mobile version