SUN COLOR : সূৰ্যৰ প্ৰকৃত ৰং কি ? ৰঙা, হালধীয়া নে সোণালী ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 21 at 15.42.21

SUN COLOR : সূৰ্যৰ প্ৰকৃত ৰং কি ? এই ৰহস্য উদঘাটন কৰিছে মহাকাশ গৱেষনা সংস্থা নাছাৰ মহাকাশচাৰী স্কট কেলিয়ে । সচৰাচৰ এজন চিত্ৰকৰে সূৰ্যৰ ছবি অংকন কৰা সময়ত কেতিয়াবা ৰঙা ,কেতিয়াবা কমলা আকৌ কেতিয়াবা সোণালী ৰং ব্যৱহাৰ কৰা দেখা যায় । বিপৰীতে বিজ্ঞানীসকলে ইয়াৰ এটাও ৰং সূৰ্যৰ আচল ৰং নহয় বুলি দাবী কৰিছে । সূৰ্যৰ প্ৰকৃত ৰঙৰ সন্দৰ্ভত নাছাৰ মহাকাশচাৰী স্কট কেলিয়ে কৈছে যে , সূৰ্যৰ প্ৰকৃত ৰং ধকধকীয়া বগা ।

‘লেটেষ্ট ইন স্পেছ ‘ নামৰ এটা টুইটাৰ একাউণ্টত এই সন্দৰ্ভত স্কট কেলিয়ে টুইট কৰি সূৰ্যৰ প্ৰকৃত ৰং শুভ্ৰ বগা বুলি উল্লেখ কৰাৰ লগতে মহাকাশৰ পৰা সূৰ্যৰ যি ৰূপ দেখা যায় , তাত সূৰ্যৰ কোনো ৰং দেখা পোৱা নাযায় বুলি দাবী কৰিছে ।

এতিয়া প্ৰশ্ন হৈছে যে , সূৰ্য যদি বগা ৰঙৰ ,তেতিয়া হ’লে কিয় আমি সূৰ্যক ভিন্ন ৰঙত দেখিবলৈ পাওঁ ! অৱশ্যে ইয়াৰো উত্তৰ দিছে বিজ্ঞানীসকলে । বিজ্ঞানীসকলে উল্লেখ কৰা মতে ,বগা ৰঙৰ সূৰ্যৰ ভিতৰত লুকাই আছে ৰামধেনুৰ সাতটা ৰং । বেঙুণীয়া, নীলা, হালধীয়া, সেউজীয়া, আকাশী, ৰঙা আৰু কমলা । অৰ্থাৎ এই ৰঙৰ আলোকৰশ্মিৰ তৰংগদৈৰ্ঘ্য আৰু কম্পাংকৰ ৰশ্মি যেতিয়া পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে তেতিয়াই এই ৰশ্মিৰ প্ৰতিসৰণ হৈ হালধীয়া, কমলা আৰু ৰঙা ৰশ্মি হৈ সূৰ্যৰ ওপৰত পৰে । অৰ্থাৎ সেই ৰঙৰ প্ৰতিসৰণৰ বাবেই সূৰ্যৰ ভিন্ন ৰং আমি দেখিবলৈ পাওঁ ।

Exit mobile version