TMC PROTEST : জনতা আছে ভোকত, আমাৰ প্ৰধানমন্ত্ৰী ব্যস্ত জন্মদিন উদ্‌যাপনত : ৰিপুণ বৰা

সমস্যাক আওকান কৰি প্ৰধানমন্ত্ৰীৰ পষেকজোৰা জন্মদিন উদ্‌যাপনৰ বিৰুদ্ধে অসম তৃণমূল কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

WhatsApp Image 2022 09 21 at 13.42.54

দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পষেকজোৰা জন্মদিন উদ্‌যাপনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল । আজি দলৰ খানাপাৰাস্থিত মুখ্য কাৰ্যালয় চৌহদত সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত দলৰ নেতা-কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰতীকাত্মকভাৱে প্ৰশ্ন উত্থাপন কৰি প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যখনৰ পূৰণ নোহোৱা বিভিন্ন সমস্যাৰ সন্দৰ্ভত জবাবদিহি কৰে ।

মুঠ আঠটাকৈ প্ৰশ্ন সন্মুখত ৰাখি সাব্যস্ত কৰা প্ৰতিবাদৰ নেতৃত্ব দি সভাপতি ৰিপুণ বৰাই প্ৰধানমন্ত্ৰীক কটাক্ষ কৰে । “আজি দেশজুৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পষেকজোৰা জন্মদিন উদ্‌যাপন কৰা হৈছে । কিন্তু বান্ধি থোৱা হৈছে জনতাৰ মুখ আৰু হাত । ক’ত গ’ল ২০১৪ৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোডীয়ে ১৬ মে’ৰ পাছত সকলো বাংলাদেশী টালি-টোপোলা বান্ধি যাব লাগিব বুলি দিয়া প্ৰতিশ্ৰুতি, ‘কা আইন’ৰ ৰূপায়ণেৰে বিজেপিয়ে আজি অসম চুক্তিক অৱমাননা কৰা নাইনে ? অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ প্ৰতি বুঢ়া আঙুলি কিয় কেন্দ্ৰৰ ?

অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাৰ সমাধানৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আজি ক’ত গ’ল ? অসম চুক্তিৰ ছয় নম্বৰ দফাৰ কাৰ্যকৰীকৰণ কৰা কিয় হোৱা নাই ? A For Assam বুলি কোৱা নৰেন্দ্ৰ মোডীয়ে কিয় কৰ্তন কৰিলে অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা ? বছৰি দুই কোটি নিবনুৱাক চাকৰি দিম বুলি দিয়া প্ৰতিশ্ৰুতিৰ কি হ’ল ? বিদেশৰ ক’লা ধন ওভতাই আনি প্ৰতিজনৰ বেংক একাউণ্টত ১৫ লাখ টকাকৈ জমা কৰাৰ প্ৰতিশ্ৰুতিৰ কি হ’ল ?” সভাপতি বৰাৰ প্ৰশ্ন ।

যি সময়ত জনতা ভোকত আছে সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰীগৰাকী ধাৰাবাহিক জন্মদিন উদ্‌যাপনৰ উল্লাসত উটি ভাহি থকাটো কি নীতি বুলি কটাক্ষ কৰে সভাপতি বৰাই ।

আনহাতে, এই প্ৰশ্নবোৰৰ উত্তৰ নিদিয়াকৈ নৰেন্দ্ৰ মোডীয়ে নিজক অতিমানৱ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পষেকজোৰা জন্মদিন উদ্‌যাপন কৰাটো অৰ্থহীন আৰু দেশৰ জনতাৰ প্ৰতি চূড়ান্ত ভেঙুচালি বুলি মন্তব্য কৰে দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই ।

Exit mobile version