আপোনাৰ খুউৱ সোনকালে খং উঠে নেকি ? কেনেকৈ আপুনি খং নিয়ন্ত্ৰণ কৰিব , জানিবলৈ পঢ়ক —

angry smiley

‘সহিলে সম্পদ, নসহিলে আপদ‘ বুলি অসমীয়াত এষাৰ আপ্তবাক্য আছে । অৰ্থাৎ খঙেই চণ্ডাল । খঙে মানুহৰ শাৰীৰিক আৰু মানসিকভাৱে অনিষ্ট সাধন কৰাৰ লগতে বহু ভাল সম্পৰ্কও নষ্ট কৰিব পাৰে । ধৈৰ্যৰ ফল সদায় মিঠা । বহু সময়ত ধৈৰ্যই আপোনাক মানসিক শান্তিৰ দৰে সম্পদ আহৰণত লাভাম্বিত কৰাৰ লগতে খঙৰ পৰা হ’ব ৰোগৰ পৰাও বচাই ৰাখিব । গতিকে খং ৰোধ কৰিবলৈ আপুনি কি কৰিব ? আজি খং নিয়ন্ত্ৰণৰ কেইটামান সহজ উপায়ৰ বিষয়ে আলোচনা কৰিম ।

১/ ওলোটাকৈ গণনা কৰক : যদি আপোনাৰ খং উঠিছে তেন্তে আপুনি ১০ ৰ পৰা ১ লৈ ওলোটাকৈ গণনা কৰক । ই আপোনাৰ হৃদয় স্পন্দন কম কৰাৰ লগতে খঙৰ পৰা হ’ব পৰা ৰোগৰ পৰা ৰক্ষা কৰিব । আপোনাৰ খং যদি অধিক বেছি হয় তেন্তে আপুনি ১০০ ৰ পৰা গণনা কৰিবলৈ আৰম্ভ কৰক ।

২/ গভীৰভাৱে শ্বাস – প্ৰশ্বাস গ্ৰহণ কৰক : সাধাৰণতে কিছুমান মানুহৰ খং উঠিলে শ্বাস-প্ৰশ্বাসৰ গতি দ্ৰুত হয় । তেনেক্ষেত্ৰত আপুনি গভীৰভাৱে শ্বাস গ্ৰহণ কৰি মুখেৰে লাহে লাহে এৰিবলৈ চেষ্টা কৰক । ই আপোনাৰ ভিতৰত থকা খঙৰ প্ৰকোপ হ্ৰাস কৰাত সহায় কৰিব ।

৩/ দৈনিক শাৰীৰিক অনুশীলন কৰক : দৈনিক কচৰৎ কৰিলেও খং নিয়ন্ত্ৰণ হয় । শাৰীৰিক সক্ষমতাই খঙৰ দৰে কু-আৱেগক প্ৰতিৰোধ কৰিব পাৰে । আমি জানো যে শাৰীৰিক দুৰ্বলতাই মানুহৰ খং বৃদ্ধি কৰে । তেনেক্ষেত্ৰত দৈনিক শাৰীৰিক কচৰৎৰ যোগেদি শৰীৰটো সুস্থ ৰখাৰ লগতে মানসিক হেঁচা হ্ৰাস কৰিব পাৰে । যি আপোনাৰ ৰোগো নিয়ন্ত্ৰণ কৰিব ।

৪/ কথা কোৱাৰ আগতে এশবাৰ ভাৱক : খং উঠাৰ সময়ত যিকোনো কথা কোৱাৰ আগতে কিছু সময় ভাৱি লোৱাৰ দৰকাৰ । যিহেতু কৈ দিয়া কথা পিছত আপুনি পৰিৱৰ্তন কৰিব নোৱাৰে । সেইবাবে কোনো কথা কোৱাৰ পূৰ্বে এশ বাৰ ভৱাৰ প্ৰয়োজন আছে ।

৫/ মনটো নিয়ন্ত্ৰণ কৰক : যদি আপোনাৰ খং উঠিছে , সময় নষ্ট নকৰি এটা নিৰ্জন কোঠালৈ যাওঁক আৰু কিছু সময় নিজৰ লগত সময় পাৰ কৰক । কল্পনাৰ জগতখনত বিচৰণ কৰিলে আপোনাৰ মনলৈ এক প্ৰশান্তিৰ ভাৱ অহাৰ লগতে খং নিয়ন্ত্ৰণ কৰাত সহায় কৰিব । মন সংযোগৰ এই সময়ছোৱাত কল্পনাৰ প্ৰতিটো বিষয় খুটি-নাটি মাৰি লক্ষ্য কৰক । যদি আপুনি এখন সাগৰৰ কল্পনা কৰিছে , তেন্তে মন কৰক সাগৰৰ পানীৰ ৰং কেনেকুৱা ? পাহাৰটো কিমান ওখ ? চৰাইৰ শব্দবোৰ অনুভৱ কৰিবলৈ কৰিবলৈ যত্ন কৰক ।

এই ধৰণৰ অনুভৱে আপোনাৰ খং ৰোধ কৰাত যথেষ্ট সহায় কৰিব । ইয়াৰলগতে গান শুনাৰ অভ্যাস কৰক । সংগীতে আপোনাক চৌপাশৰ পৰিবেশটো পাহৰাত সহায় কৰিব । গতিকে খং উঠাৰ লগে লগে গান শুনিবলৈ চেষ্টা কৰক । যি আপোনাক গম নোপোৱাকৈ খং নিয়ন্ত্ৰণ কৰিব । যদি সম্ভৱ হয় গানৰ তালে-তালে হাত-ভৰি সঞ্চালন কৰিবলৈ চেষ্টা কৰক । এই অভ্যাসেও আপোনাক দ্ৰুত ফলাফল লাভ কৰাত সহায় কৰিব ।

ক্ষমা কৰাৰ অভ্যাস গঢ় দিয়ক : ক্ষমা হৈছে অন্যতম এক শক্তিশালী আৱেগ । অৰ্থাৎ যাৰ ওপৰত খং উঠিছে তেওঁক ক্ষমা কৰিবলৈ চেষ্টা কৰক । দেখিব যে আপোনাৰ সকলো খং নাইকীয়া হৈ গৈছে আৰু আপুনি শান্ত হৈ পৰিছে । সকলো সমস্যাৰ একমাত্ৰ সমাধান হৈছে ক্ষমা লগতে ই আপোনাৰ ইতিবাচক দিশবিলাকক প্ৰভাৱিত কৰিব ।

খং মানুহৰ এটা স্বাভাৱিক আৱেগ । যেনেকৈ হাঁহি , কান্দোন , ঈৰ্ষা বা খং মানুহৰ একোটা আৱেগ । খং সকলোৰে উঠিব পাৰে কিন্তু সেই খঙক নিয়ন্ত্ৰণ কৰিব পৰাতো আপোনাৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে এনে ধৰণৰ কৌশল অৱলম্বন কৰি আপোনাৰ উঠি থকা খং নিয়ন্ত্ৰণ কৰিব পাৰে আৰু এক সুস্থ, আনন্দময় জীৱন উপভোগ কৰিব পাৰে ।

Exit mobile version