চৰকাৰৰে আলোচনাৰ আহ্বান প্ৰত্যাখ্যান ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ : দিশপুৰ চলো কাৰ্যসূচী গ্ৰহণ, লাষ্টগেটত ভেদিলে আন্দোলনকাৰীক

অসম চৰকাৰৰ আলোচনাৰ আহ্বান প্ৰত্যাখ্যান কৰি আজি ছয় জনগোষ্ঠীয় ঐক্য মঞ্চই আন্দোলনৰ বিশেষ কাৰ্যসূচী হিচাপে দিশপুৰ চল’ শীৰ্ষক শ্ল’গানেৰে মহানগৰৰ বিভিন্ন অঞ্চলত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ।

বিজেপি চৰকাৰক প্ৰতাৰণা আখ্যা দি যোৱা নিশা অসম চৰকাৰে ছয় গোষ্ঠী ঐক্য মঞ্চক আলোচনাৰ মজিয়ালৈ আমন্ত্ৰণ জনাইছিল যদিও সেই আহ্বান প্ৰত্যাখ্যান কৰি অসম চৰকাৰৰ লগত কোনো আলোচনা নকৰি এই তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে ।

আজি পুৱা আন্দোলনৰ কাৰ্যসূচী ৰূপে মহানগৰৰ লাষ্ট গেটত প্ৰতিবাদ সাৱ্যস্ত কৰা ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ নেতৃবৰ্গৰ নেতা-কৰ্মী সকলক আৰক্ষীয়ে আদবাটতে বাধা দিবলৈ চেষ্টা কৰি আটক কৰে ।

নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ছয় জন গোষ্ঠীক জনজাতীয় মৰ্যদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাক মিছলীয়া আখ্যা দি কোনো কাৰণতে ৰাজ্য চৰকাৰৰ লগত আলোচনা কৰিবলৈ মান্তি নোহোৱা ছয় জনগোষ্ঠী ঐক্য মঞ্চই এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত পোনপটীয়াকৈ কেন্দ্ৰৰ লগত আলোচনা কৰাৰ পোষকতা কৰে ।

উল্লেখযোগ্য যে , ছয় জনগোষ্ঠীয় ঐক্য মঞ্চৰ হুংকাৰত থৰকাছুটি হেৰুওৱা মুখ্যমন্ত্ৰী ড° শৰ্মা কালিয়েই দিল্লীৰ পৰা গুৱাহাটীলৈ উভটি আহে যদিও মুখ্যমন্ত্ৰীৰ আলোচনাৰ বৈঠক বৰ্জন ঘোষণা কৰিছিল ছয় জনগোষ্ঠীয় যৌথ সমিতিৰ হৈ আটছাৰ সভাপতি ধীৰাজ গোৱালা আৰু আটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোঁহাই –এ ।

Exit mobile version