নেপালত নিহত আই এছ আইৰ এজেণ্ট

ভাৰতত নকল নোটৰ সৰবৰাহকাৰী আছিল

WhatsApp Image 2022 09 22 at 16.41.12

প্ৰতিবেশী দেশ নেপালত অচিনাক্ত আততায়ীৰ নিৰ্বিচাৰ গুলীচালনাত নিহত আই এছ আই এজেণ্ট ৷ কন্যা সন্মুখতে হত্যা কৰি নিৰাপদে আতঁৰি যায় আততায়ী ৷ নেপালৰ ৰাজধানী কাঠমাণ্ডুত থকা নিজ গৃহৰ বাহিৰত ৰৈ থকা অৱস্থাতে আততায়ীয়ে হত্যা কৰা এজেন্ট জনৰ নাম লাল মহম্মদ (৫৫) ওৰফে মহম্মদ দাৰ্জী বুলি চিনাক্ত কৰে নেপাল আৰক্ষীয়ে ।

পাক চোৰাংচোৱা সন্থা আই এছ আইৰে জড়িত হৈ আই এছ আইৰ নিৰ্দেশত লাল মহম্মদে পাকিস্তান আৰু বাংলাদেশৰ পৰা নেপাললৈ নকল ভাৰতীয় টকা লাভ কৰিছিল আৰু তাৰ পৰাই ভাৰতলৈ সৰবৰাহ কৰিছিল ৷ নেপাল আৰক্ষীয়ে জানিব দিয়া মতে লাল মহম্মদে আইএছআইক লজিষ্টিক সমৰ্থনত সহায় কৰিছিল আৰু আণ্ডাৰৱৰ্ল্ড গেংষ্টাৰ দাউদ ইব্ৰাহিমৰ ডি-গেঙৰ সৈতে সম্পৰ্ক আছিল।

আনকি তেওঁ আন আই এছ আই এজেণ্টকো আশ্ৰয় প্ৰদান কৰিছিল। উল্লেখ্য যে আই এছ আই জনক দুৰ্বৃত্তই গুলীওৱা দৃশ্য বন্দী হয় চি চি টিভিত ৷ আনকি লাল মহম্মদৰ জীয়েকে পিতৃক বচাবলৈ ঘৰৰ প্ৰথম মহলাৰ পৰা জঁপিয়াই দিছিল। কিন্তু তেওঁ পিতৃৰ ওচৰ পোৱাৰ পূৰ্বেই দুৰ্বৃত্তই মহম্মদক গুলীয়াই হত্যা কৰি পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত নেপাল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Exit mobile version