অতিৰিক্ত পাৰিতোষিক দিয়া হৈছে, জাননী জাৰি কৰি কর্মচাৰীসকলৰ পৰা টকা ঘূৰাই বিচাৰিছে প্ৰখ্যাত গাড়ী সংস্থাই

88cce81b658a388ec4e2d3807f92f5be

কর্মক্ষেত্রত মাহে মাহে বেতনতো আছেই । কিন্তু বেতনৰ লগতে যেতিয়া পাৰিতোষিক লাভ কৰে তেতিয়া বিশেষ আনন্দ দেখা যায় কর্মীসকলৰ মাজত । কিন্তু যদি পাৰিতোষিক দি কর্তৃপক্ষ‌ই আকৌ ঘূৰাই বিচাৰে তেন্তে ? তেনেকোৱাই এক ঘটনা সংঘটিত হৈছে জাপানী গাড়ী প্রস্তুতকাৰী সংস্থা হোণ্ডাৰ কর্মচাৰীসকলৰ স’তে ।

সম্প্রতি হোণ্ডাৰ মেৰছিভিলৰ কাৰখানাৰ কর্মচাৰীসকললৈ এটা জাননী প্ৰেৰণ কৰি কর্তৃপক্ষ‌ই জনায় যে, তেওঁলোকে পাৰিতোষিক ঘূৰাই দিব লাগিব । এই জাননীত কোৱা হয়, কর্মচাৰীসকলক প্রয়োজনতকৈ অতিৰিক্ত পাৰিতোষিক দিছে কোম্পানিয়ে । সংস্থাৰ কর্মচাৰীসলে যদি পাৰিতোষিকৰ টকা ঘূৰাই নিদিয়ে তেনেহ’লে সেই টকা তেওঁলোকৰ বেতনৰ পৰা কাটি লোৱা হ’ব বুলিও জনোৱা হৈছে । এই জাননী পাই মূৰে-কপালে হাত দিছে কাৰখানাৰ কর্মচাৰীসকলে ।

কর্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে, কর্মচাৰীসকলক ভুলতে অতিৰিক্ত পাৰিতোষিক দিয়া হৈছিল । সেই অতিৰিক্ত পাৰিতোষিক কর্মচাৰীসকলৰ পৰা ঘূৰাই বিচৰা হৈছে । এই সিদ্ধান্ত আইনসন্মত বুলিও জনোৱা হৈছে সংস্থাৰ তৰফৰ পৰা । অৱশ্যে কর্মচাৰীসকলক কিমান টকা পাৰিতোষিক দিয়া হৈছিল আৰু কিমান টকা ঘূৰাই বিচৰা হৈছে, তাক লৈ মুখ খোলা নাই কর্তৃপক্ষ‌ই ।

নাম প্রকাশত অনিচ্ছুক এজন কর্মচাৰীৰ পত্নীয়ে স্থানীয় সংবাদমাধ্যমক জনায়, তেওঁৰ স্বামীৰ পাৰিতোষিকৰ প্রায় ১০ শতাংশ ঘূৰাই দিবলৈ কোৱা হৈছে । এই টকা তেওঁলোকৰ বাবে বহুত বুলিও তেওঁ জনায় । বিগত বছৰৰ তুলনাত হোণ্ডাৰ আয় কমিছে প্রায় চাৰি শতাংশ । লাভো প্রায় এক চতুর্থাংশ কমিছে । সেয়ে সংস্থাৰ তৰফৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে বুলি একাংশৰ মত ।

Exit mobile version