AASU : ৰাজ্যৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ শংকৰজ্যোতি বৰুৱাবিদ্যুতৰ অস্বাভাৱিক মাছুল বৃদ্ধি, হ্ৰাস কৰিবলৈ দাবী আছুৰঃ পৰিচালন সঞ্চালকক সাক্ষাৎ ছাত্ৰ সন্থাৰ

APDCL য়ে গ্ৰাহকৰ পৰা বিসংগতিপূৰ্ণভাৱে অত্যাধিক মাছুল সংগ্ৰহ কৰাটো চূড়ান্ত অন্যায়,APDCL ৰ ঘাটি বাজেট পূৰণ কৰিবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণযোগ্য নহয়ঃ শংকৰজ্যোতি বৰুৱা

WhatsApp Image 2022 09 22 at 19.17.07

AASU :  ৰাজ্যত বিদ্যুতৰ বিল অস্বাভাৱিক বৃদ্ধিয়ে গ্ৰাহকক জ্বলা-কলা খোৱাইছে ৷ সমগ্ৰ অসমতে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিলৰ অত্যাধিক বৃদ্ধিৰ সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰে কোনোধৰণৰ যুক্তিসংগত উত্তৰ দিব পৰা নাই ৷ আজি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱা, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত এটা সঁজাতি দলে অসম শক্তি বিতৰণ কোম্পানীৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰক সাক্ষাৎ কৰি অতি সম্প্ৰতি গ্ৰাহকে সন্মুখীন হোৱা বিসংগতি সন্দৰ্ভত আলোচনা কৰে ৷ সাক্ষাৎকালত বিসংগতি সমূহ অতিশীঘ্ৰে দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিবৃতিত কয়- APDCL য়ে গ্ৰাহকৰ পৰা বিসংগতিপূৰ্ণ ভাৱে অত্যাধিক মাছুল সংগ্ৰহ কৰাটো চূড়ান্ত অন্যায় ৷ এনে কাৰ্যই গ্ৰাহকক হাৰাশাস্তি কৰিছে ৷ ছাত্ৰ সন্থাৰ এটা দলে APDCLৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰক সাক্ষাৎ কৰি অত্যাধিক বিল আৰু বিসংগতি সমূহ দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাও ৷ নিবিদা লাভ কৰা কোম্পানীসমূহে উৎকৃষ্ট মানৰ স্মাৰ্ট মিটাৰ সংস্থাপন নকৰাৰ বাবে এনেধৰণৰ বিসংগতি সংঘটিত হোৱাৰ কথা পৰিচালন সঞ্চালক গৰাকীয়ে ছাত্ৰ সন্থাক জানিবলৈ দিয়ে ৷ অত্যাধিক মাছুল আৰু বিসংগতি সংক্ৰান্তত APDCL ৰ এটা উচ্চ পৰ্যায়ৰ তদন্তকাৰী বিষয়াৰ দলে গোটেই বিষয়টো সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত পৰীক্ষা-নিৰীক্ষা কৰি বিসংগতিসমূহ সমাধান কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰি থকাৰ কথা জনায় ৷ ইতিমধ্যে ব্যাপক বিসংগতিৰ সন্দৰ্ভত অতিশীঘ্ৰে সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ অত্যাধিক বিল অহা গ্ৰাহকৰ ক্ষেত্ৰত গ্ৰাহকে অভিযোগ দিয়া বা নিদিয়াকৈও বিসংগতি দূৰ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাও ৷ ইয়াৰোপৰি গুৱাহাটীৰ পৌৰ নিগমৰ অধীনৰ গ্ৰাহকে হল্ডিং নম্বৰ জমা নিদিলেও বিদ্যুৎ সংযোগ কৰ্তন কৰিব নোৱাৰিব বুলি পৰিচালন সঞ্চালকক ছাত্ৰ সন্থাই স্পষ্টকৈ জনাও আৰু এইক্ষেত্ৰত পৰিচালন সঞ্চালকে কৰ্তন নহয় বুলি আশ্বাস প্ৰদান কৰে ৷

বিবৃতিত পুনৰ কয়-APDCL য়ে বিভিন্ন শিতানত ঘাটি বাজেট পূৰাবলৈ গ্ৰাহকৰ পৰা অতিৰিক্তভাৱে প্ৰতি ইউনিটত ৩০ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছোঁ ৷ ঘাটি বাজেট পূৰাবলৈ গ্ৰাহকৰ পৰা অতিৰিক্ত মাছুল সংগ্ৰহ কৰাটো গ্ৰহণযোগ্য নহয় ৷ বিদ্যুত বিভাগে গ্ৰাহকে সন্মুখীন হৈ অহা সকলো সমস্যা সমাধান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক ৷ মিটাৰ ৰিদিং ল’বলৈ যোৱা বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷ চৰকাৰে ইয়াৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷ বিভাগৰ বিসংগতিৰ ফলত যাতে ৰাইজে জীয়াতু ভুগিবলগীয়া নহয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰক ৷ ২৪ ঘন্টাই বিদ্যুৎ যোগান নিশ্চিত কৰিবলৈও চৰকাৰ-বিভাগক দাবী জনাইছোঁ ৷ বিদ্যুৎ বিলৰ ক্ষেত্ৰত দেখা দিয়া ব্যাপক খেলিমেলি সন্দৰ্ভত ছাত্ৰ সন্থাই তীক্ষ্ণ নজৰ ৰাখিব আৰু সমাধান সূত্ৰ নোলোৱা পৰ্যন্ত ছাত্ৰ সন্থা ক্ষান্ত নহয় ৷

Exit mobile version