ASSAM  MINORITY : দিল্লীৰ জন্তৰ-মন্তৰত নেমছু”ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু সংখ্যালঘূ দপ্তৰৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান

WhatsApp Image 2022 09 22 at 15.51.18

ASSAM  MINORITY : অসমৰ সংখালঘু লোক সকল পূৰ্বৰ পৰাই বিভিন্ন সমস্যাৰে জৰ্জৰিত।কোনো এখন চৰকাৰেই সংখ্যালঘু লোকসকলৰ শৈক্ষিক,সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন হোৱাটো নিবিচাৰে। পিছপৰা সংখ্যালঘু লোকসকলক লৈ প্ৰতিটো ৰাজনৈতিক দলেই মাথোঁ ৰাজনীতি কৰি আহিছে।ৰাজনৈতিক বিভাজন আৰু ভয়- শংকাৰ ৰাজনীতি কৰি একমাত্ৰ সংখ্যালঘু লোকসকলক লৈ বিভাজনমুখী ৰাজনীতি কৰি আহিছে।শৈক্ষিক বিপ্লৱ আনি সংখ্যালঘুসকলক বিশ্বৰ দৰবাৰত চিনাকি কৰি দিবলৈ কোনো এটা ৰাজনৈতিক দলেই আজিলৈ কাম কৰা নাই।ভাৰতে স্বাধীনতা পোৱাৰ পিছত কংগ্ৰেছে একমাত্ৰ শাসন আৰু শোষণ কৰি আহিছে।বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক আৰু জৰা-ফুঁকা তথা বিভাজনৰ ৰাজনীতি কৰি অন্য ৰাজনৈতিক দলক গাদ্দীত বহুৱাৰ ৰাজনীতি কৰি আহিছে।অৰ্থাৎ আজমলে ৰাজনৈতিক ভাৱে সংখ্যালঘুক পণ্য সামগ্ৰীৰ দৰে বিক্ৰী কৰি আহিছে।

শেহতীয়াকৈ এই পিছপৰা ৰাইজে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ জৰিয়তে অন্যান্য জাতি-জনগোষ্ঠীৰ লগতে ধৰ্মীয় সংখ্যালঘূ লোকসকলৰো সৰ্বাঙ্গীন উন্নয়ন হব বুলি আশা কৰিছিল যদিও সেই আশা পূৰণৰ পৰিবৰ্তে আজি সম্পূৰ্ণৰূপে ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হল।শেহতীয়াকৈ ধাৰাবাহিকভাৱে একাংশ সংখ্যালঘুৰ ওপৰত বৰ্তমানৰ চৰকাৰ খনে চলাই আহিছে অমানৱীয় উচ্ছেদ। আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘূ ছাত্ৰ সন্থা চমুকৈ নেমছুই চাৰি দফীয়া দাবীৰে দিল্লীৰ জন্তৰ-মন্তৰত দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি ভাৰতৰ ৰাষ্ট্ৰপতি,প্ৰধামন্ত্ৰী,গৃহমন্ত্ৰী আৰু সংখালঘু উন্নয়ন দপ্তৰৰ মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰেৰণ কৰে। নেমছুৰ কৰ্মকৰ্তা সকলে আকাশ বতাহ কঁপাই তোলে। অমানৱীয় উচ্ছেদ বন্ধ কৰক,উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়ক,মাদ্ৰাছা ভঙা বন্ধ কৰক,অসম চৰকাৰ হায় হায়,কেন্দ্ৰীয় চৰকাৰ হায় ইত্যাদি বিভিন্ন শ্লোগান দিয়ে ।

নেমছুৰ কেন্দ্ৰীয় সভাপতি বদৰুল ইছলামে কয় যে নাগৰিকত্ব আইন ১৯৫৫ ৰ বিধান অনুসৰি অসম ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এন আৰ চি)ৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে। ২০০৯ চনত সংশোধন কৰা নাগৰিকত্ব (নাগৰিক পঞ্জীয়ন আৰু ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ প্ৰদান) নিয়ম -২০০৩ মতে ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা/আদেশমৰ্মে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP)/ প্ৰস্তুত কৰা হয়। সেই অনুসৰি অসম ৰাজ্যত ৩১.০৮.২০১৯ তাৰিখে প্ৰকাশিত হয় চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)।
চূড়ান্ত ৰাষ্ট্রীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱা সকলো ব্যক্তিক ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ (NIC) প্ৰদান কৰিবলৈ আৰু ৩১.০৮.২০১৯ তাৰিখে প্ৰকাশিত চূড়ান্ত NRC ৰ পৰা বাদ পৰা ব্যক্তি সকলৰ বাবে আপীল প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাওঁ।

দ্বিতীয়তে এন আৰ চি প্ৰকাশৰ পিছত দাবী আৰু আপত্তিৰ সময়ছোৱাত ২৭ লাখৰো অধিক আবেদনকাৰীৰ বায়’মেট্ৰিক বিৱৰণ সংগ্ৰহ কৰা হৈছিল। এই আবেদনকাৰীসকলৰ ভিতৰত ৩১.০৮.২০১৯ তাৰিখে প্ৰকাশিত অন্তৰ্ভুক্তিৰ পৰিপূৰক তালিকাত প্ৰায় ১৯ লাখ আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। তেতিয়াৰ পৰাই এই ২৭ লাখৰো অধিক আবেদনকাৰীৰ বায়’মেট্ৰিক ডাটা বন্ধ কৰি ৰখা হৈছে।যাৰ বাবে ইউ,আই,ডি,এ,আইয়ে তেওঁলোকৰ আধাৰ কাৰ্ড দিয়াৰ ব্যৱস্থা কৰিব পৰা নাই আৰু তেওঁলোকেও এতিয়া নতুন আধাৰ কাৰ্ডৰ নামভৰ্তিৰ বাবে আবেদন কৰিব নোৱাৰা হৈছে। তাৰোপৰি আয়কৰ বিভাগৰ পান কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰাটো প্ৰয়োজনীয় আৰু আয়কৰ ৰিটাৰ্ণ দাখিল কৰাকে ধৰি কেইবাটাও বিত্তীয় লেনদেনৰ বাবে পান কাৰ্ড বাধ্যতামূলক। জানিব পৰা গৈছে যে নিৰ্বাচনী তালিকাত আধাৰক নিজৰ নামৰ সৈতে সংযোগ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আইন প্ৰণয়ন কৰিছে। কেইবাখনো চৰকাৰী আঁচনিৰ বাবে আধাৰ প্ৰয়োজনীয় যেনে ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰী আৱাস যোজনা, বেংক লোন, এডুকেচন লোন আদিত প্ৰয়োজন হয়।

এনআৰচিৰ দাবী আৰু আপত্তি প্ৰক্ৰিয়াৰ সময়ত ইউ.আই.ডি.এ.আই আৰু এনআৰচি কৰ্তৃপক্ষৰ সহায়ত বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰাৰ পিছত প্ৰায় ২৭ লাখ ব্যক্তিৰ আধাৰ বন্ধ কৰি ৰখা হয়।ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ দাবী/আপত্তি পৰ্যায়ত অসমৰ যিসকল ব্যক্তিৰ বায়’মেট্ৰিক তথ্য সংগ্ৰহ কৰা হৈছিল, তেওঁলোকৰ বায়’মেট্ৰিক ডাটা আনলক কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী জনাওঁ।অতি গুৰুত্বপূৰ্ণ আৰু সংখ্যালঘুৰ বাবে দুখৰ কথা যে অসম চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই নিজ ৰাজনৈতিক স্বাৰ্থত মাদ্ৰাছা ভাঙিছে যাৰ ফলত সংখ্যালঘুসকলৰ মৌলিক অধিকাৰ খৰ্ব হৈছে। সংবিধানৰ ৩০ (১) অনুচ্ছেদে মতে ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক নিজৰ পছন্দৰ শিক্ষানুষ্ঠান স্থাপন আৰু চোৱাচিতা কৰাৰ অধিকাৰ প্ৰদান কৰিছে। যিহেতু ৩০ নং অনুচ্ছেদ এটা মৌলিক অধিকাৰ যিটো অধিকাৰ আইন প্ৰণয়ন কৰিও বিধায়িনী দলে কাঢ়ি নিব নোৱাৰে । কোনো নীতিগত সিদ্ধান্তই ভাৰতৰ সংবিধানে নিশ্চিত কৰা মৌলিক অধিকাৰ কাঢ়ি নিব নোৱাৰে। কিন্তু বৰ্তমান অসমৰ চৰকাৰখনে ইয়াৰ বিপৰীতে কাম কৰিছে।

উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে আইন প্ৰণয়ন কৰিছিল যে, যদিহে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ সংখ্যালঘু বিদ্যালয়ৰ ক্ষেত্ৰত প্ৰযোজ্য কৰা হয়, তেওঁলোক যদি অসহায় হয়, তেন্তে অনুচ্ছেদ.৩০ (১)ৰ অধীনত সংখ্যালঘুসকলৰ সংবিধানিক অধিকাৰ বাতিল কৰা নহ’ব ।অসম ৰাজ্যৰ সংখ্যালঘুসকলৰ মৌলিক অধিকাৰ যাতে খৰ্ব কৰা নহয় তাৰবাবে অসম চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণৰ বাবেও আমি দাবী জনাওঁ।অতি গুৰুত্বপূৰ্ণ কথাটো হল আশ্ৰয়ৰ অধিকাৰ হৈছে ভাৰতীয় সংবিধানে নিশ্চিত কৰা নাগৰিকৰ মৌলিক অধিকাৰ। অসম চৰকাৰে উপযুক্ত পুনৰসংস্থাপন নিদিয়াকৈ অতি কঠোৰ আৰু অমানৱীয়ভাৱে ভূমিহীন লোকক উচ্ছেদ কৰি আহি আছে। উচ্ছেদিত লোকসকলৰ মৌলিক অধিকাৰৰ লগতে শৈক্ষিক অধিকাৰ খৰ্ব কৰা হৈছে। বৰ্তমান মুকলি আকাশৰ তলত জীৱ-জন্তু,লৰা-ছোৱালীৰ সৈতে অতি দুৰ্বিষহ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে।

ইতিমধ্যে উচ্ছেদ কৰা ভূমিহীন লোকসকলক পুনৰ সংস্থাপন কৰাৰ লগতে ভূমিহীন লোকসকলক পুনৰ সংস্থাপন নকৰাকৈ অসম চৰকাৰক আৰু অধিক উচ্ছেদৰ পৰা ৰক্ষা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিবলৈ  দাবী জনায় ৷  ধৰ্মঘট কাৰ্যসূচীত অসমৰ বিভিন্ন জিলাৰ বিষয়ববীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিদ্বয় গোলাপ ৰাব্বানী,মুস্তাক হুছেইন সাধাৰণ সম্পাদকদ্বয় মিনহাজুল ইমৰান, জিয়াউল হক, সহকাৰী সম্পাদক আবু বক্কৰ ছিদ্দিক উপস্থিত থাকে।

Exit mobile version