ASSAM POLICE RAIDS PFI OFFICE : দেশৰ চৌপাশে চলিছে PFI ৰ বিৰুদ্ধে অভিযান। আৰক্ষী NIA ৰ যৌথ অভিযান চলিছে। একেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকোত পুৱতি নিশা চলিল PFI ৰ বিৰুদ্ধে অভিযান। বকোৰ ভিতৰুৱা দুটা স্থানত কামৰূপ আৰক্ষীৰ অভিযান চলাই। আৰক্ষীৰ বৃহৎ দল এটাই চলাই অভিযান।
ADVERTISEMENT
অভিযানত চাৰিটা PFI গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বকো সমষ্টিৰ নগৰবেৰা আৰু মন্দিৰাত অভিযান চলোৱাৰ সন্দেহ কৰা হৈছে। কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হীতেশ চন্দ্ৰ ৰয়ৰ নেতৃত্বত অভিযান চলিছিল। অভিযানত গ্ৰেপ্তাৰ কৰা চাৰি PFI কৰ্মীক । SOU ৰ গোচৰৰ ভিত্তিত কামৰূপ আৰক্ষীৰ এই অভিযান কৰা বুলি জানিবলৈ দিছে আৰক্ষী অধীক্ষক গৰাকীয়ে। গোপন সূত্ৰ মতে, PFI চাৰিটা এখন মাদ্ৰাছাৰ সৈতে জড়িত হৈ আছিল ।