BAKSA : বাগ্‌সাৰ কাজিয়ামাটিৰ পৰা গ্ৰেপ্তাৰ প্ৰাক্তন পি এফ আই নেতা

বিনাচৰ্তে মুকলিৰ দাবী পিএফআইৰ ৰাজ্যিক সমিতিৰ ,ৰাষ্ট্ৰজোৰা ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ

WhatsApp Image 2022 09 22 at 21.09.21

BAKSA : বাগ্‌সাৰ শালবাৰীৰ কাজিয়ামাটিৰ নিজ গৃহৰপৰা আজি পুৱতি নিশা খলিলুৰ ৰহমান নামৰ এগৰাকী প্ৰাক্তন পিএফআই কৰ্মীক গুৱাহাটীৰ পৰা অহা এটা বৃহৎ আৰক্ষীৰ দলে বাগ্‌সা জিলা আৰক্ষী অধীক্ষকৰ উপস্থিতিত গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ কাহিলিপাৰালৈ লৈ যোৱা হয়৷ বাগ্‌সা আৰক্ষী আৰু গুৱাহাটীৰ পৰা অহা আৰক্ষীৰ দলে জিলাখনৰ শালবাৰী মহকুমাৰ লাবদাংগুৰী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত কাজিয়ামাটিত খলিলুৰৰ বাসগৃহত চলাইছিল অভিযান ৷

খলিলুৰৰ পিতৃ আব্দুৰ ৰহমানে জানিবলৈ মতে পুত্ৰ খলিলুৰ ৰহমানে প্ৰায় এবছৰ পূৰ্বে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পিএফআইৰ কৰ্মী হিচাপে কাম কৰিছিল যদিও সম্প্ৰতি তেওঁ পিএফআইৰ লগত জড়িত নহয় ৷ বৰ্তমান পুত্ৰ খলিলুৰে স্বাস্থ্য মিত্ৰ হিচাপে কাম কৰি পৰিয়াল চলাই আছে৷তেওঁৰ ল’ৰাক কি কাৰণত পুৱতিনিশা অহা আৰক্ষীয়ে জোৰজুলুমকৈ উঠাই লৈ গ’ল সেইবিষয়ে একো নাজানে পিতৃয়ে৷খলিলুৰ ৰহমানক গ্ৰেপ্তাৰ কৰি নিয়াৰ পিছৰ পৰাই অঞ্চলটোত এক মৃদু প্ৰতিক্ৰিয়া অব্যাহত আছে ৷

ইফালে, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা ১১ জনকৈ পিএফআই সদস্যক গ্ৰেপ্তাৰ কৰাৰ পিছতে জাঙুৰ খাই উঠিছে পিএফআইৰ অসম ৰাজ্যিক সমিতিয়ে৷বাগ্‌সাৰ শালবাৰীত পিএফআইৰ ৰাজ্যিক সমিতিৰ সম্পাদক জাকিৰ হুছেইনে চৰকাৰক তীব্ৰ সমালোচনা কৰি হুংকাৰ প্ৰদান কৰি কয়, যদি চৰকাৰে আটক কৰা পিএফআইৰ সদস্যসকলক বিনাচৰ্তে মুকলি কৰি নিদিয়ে তেন্তে গণতান্ত্ৰিক ভাৱে ৰাষ্ট্ৰজোৰা ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ’ব যি আন্দোলন ED বা NIA ই কোনো দিনে দেখা পোৱা নাই ৷

পিএফআই নেতাজনে কয়, পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াই আৰএছএছৰ যি সপোনৰ হিন্দু ৰাষ্ট্ৰ তাক বিৰোধ কৰি আহিছে৷ পপুলাৰ ফ্ৰণ্ট অকল এটা নাম নহয়,পপুলাৰ ফ্ৰণ্ট এটা ব্ৰেণ্ড৷কেইজনমান নেতাকৰ্মীক আটক কৰিলেই পপুলাৰ ফ্ৰণ্ট বেণ্ড হৈ নাযায়৷পপুলাৰ ফ্ৰণ্ট বন্ধ হৈ নাযায় ৷

Exit mobile version